ETV Bharat / state

ভাদ মাহতো পূৰ্ৱৰ উচাহ নাই মাধৱদেৱৰ জন্মস্থানত

author img

By

Published : Aug 18, 2020, 4:51 PM IST

পূৰ্বৰ দৰে ভাদ মাহৰ পহিলা দিনটোত ৰাজ্যবাসীৰ মাজত নাই উচাহ ৷ সীমিত সংখ্যক ভকত, বৈষ্ণৱৰ দ্বাৰা সত্ৰ, নামঘৰত মহাপুৰুষ দুজনাৰ গুনানুকীৰ্তন কৰা পৰিলক্ষিত হৈছে ৷

Covid-19 Situation In Assam
ক'ভিড-19 ৰ বাবে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত ভাদ মাহত নাই পূৰ্বৰ দৰে উচাহ

নাৰায়নপুৰ, 18 আগষ্ট : অসমীয়া সমাজ জীৱনত পবিত্ৰ মাহ হিচাপে চিহ্নিত হৈ অহা ভাদ মাহৰ গুৰুত্ব অপৰিসীম। দিনে নিশাই পবিত্ৰ ভাদমাহত ৰাজ্যৰ সকলো সত্ৰ, নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে । ভাদ মাহতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ গুনানুকীৰ্তনৰে মুখৰিত হৈ থাকে অসমৰ সকলো সত্ৰ, নামঘৰ ৷ পুৱাৰে পৰা ভকত, বৈষ্ণৱসকলে নাম-প্ৰসংগৰে নামঘৰ, সত্ৰৰ চৌপাশত ভিৰ কৰা পৰিলক্ষিত হয় ৷ কিন্তু বিগত বছৰৰ দৰে চলিত বৰ্ষত মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে অসমৰ সত্ৰ, নামঘৰত ভিৰ হোৱা পৰিলক্ষিত হোৱা নাই ৷ ৰাজ্যৰ সত্ৰ, নামঘৰত কেৱল সীমিত সংখ্যক ভকত, বৈষ্ণৱ তথা ভক্তপ্ৰাণ ৰাইজৰ দ্বাৰা গুনানুকীৰ্তন কৰা পৰিলক্ষিত হৈছে ৷

চলিত বৰ্ষত ক'ভিড-19 ৰ ভয়াবহতাৰ বাবে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান উজীৰৰ টোল ৰঙাজান আৰু লেটেকুপুখুৰীত নিমাওমাও পৰিৱেশ ৷ সেৰেঙা ভক্তৰ উপস্থিতিৰ বাবে দেখা পোৱা নাই পূৰ্বৰ পৰিৱেশ ৷ ক'ভিড-19 ৰ সংক্ৰমণ ৰোধৰ বাবে জন্মস্থানখনৰ পৰিচালনা সমিতিয়েও ভক্তসকলৰ বাবে বান্ধি দিছে কিছু নীতি-নিয়ম ৷ চেনিটাইজাৰ ব্যৱহাৰ, মাস্ক পৰিধান, সামাজিক দুৰত্ব মানি চলা আদি নিয়মৰ মাজেৰে ভক্তসকলে শৰাই আগবঢ়াব পাৰিব বুলি জন্মস্থানখনৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ঢেকীয়াখোৱা বৰ নামঘৰত ভাদমাহ উপলক্ষে মাহেকযোৰা চাৰিপ্ৰসংগীয়া নাম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.