ETV Bharat / state

কৰ’ণা মুক্ত ঘোষণা লখিমপুৰৰ বাবু আলীক - ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাল

লখিমপুৰৰ তেলাহি আদৰ্শ চিকিৎসালয়ৰ পৰা ক'ৰণাত আক্ৰান্ত বাবু আলীক ৰোগমুক্ত বুলি চিনাক্ত কৰা হয় ৷ ৰোগমুক্ত হ’লেও তেওঁ আগন্তুক ১৪ দিন চিকিৎসালয়খনতে থাকিব বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷ লগতে তেওঁ জনায় যে, ২৪ এপ্ৰিলৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত সকলো ৰোগীকে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব আৰু বুধবাৰৰ পৰা সকলো চিকিৎসালয়তে কৰ’ণা ৰেপিড টেষ্ট আৰম্ভ কৰা হ’ব ৷

কৰ’ণা মুক্ত ঘোষণা লখিমপুৰৰ বাবু আলীক
কৰ’ণা মুক্ত ঘোষণা লখিমপুৰৰ বাবু আলীক
author img

By

Published : Apr 20, 2020, 6:06 PM IST

লখিমপুৰ, 20 এপ্ৰিল: সোমবাৰে লখিমপুৰৰ তেলাহি আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কোভিড-19ত আক্ৰান্ত বাবু আলীক ৰোগমুক্ত বুলি ঘোষণা কৰে ৷ ৰোগমুক্ত হ’লেও বাবু আলি ১৪ দিন তেলাহি আদৰ্শ চিকিৎসালয়তে থাকিব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

কৰ’ণা মুক্ত ঘোষণা লখিমপুৰৰ বাবু আলীক

ইয়াৰোপৰি, ২৪ এপ্ৰিলৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত সকলো ৰোগীকে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ৰোগীসকলৰ সুবিধাৰ্থে কিতাপৰ বিপণীও খোলাৰ সম্ভাৱনা আছে । ইফালে অসমৰ বাহিৰত থকা লোকসকলক অনাৰ ক্ষেত্ৰত আলোচনা অব্যাহত ৰাখিছে চৰকাৰে । বুধবাৰৰ পৰা সকলো চিকিৎসালয়তে কৰ’ণা ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ৷

লগতে পঢ়ক : মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.