ETV Bharat / state

নাওবৈচাত বান সাহায্যৰ নামৰ অনিয়মৰ অভিযোগ বানাক্ৰান্তৰ - flood relief

শিঙৰাৰ আকস্মিক বানত বহু লোক গৃহহাৰা হোৱাৰ লগতে, প্ৰাণ হেৰুৱাইছিল 4 গৰাকীকৈ লোকে ৷ কিন্তু সেই বানাক্ৰান্ত লোকে এই পৰ্যন্ত কোনো ধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকেহে বান সাহায্য পোৱাৰ কথা উল্লেখ কৰে বঞ্চিত বানাক্ৰান্তই ৷

বানাক্ৰান্ত
বানাক্ৰান্ত
author img

By

Published : Aug 19, 2020, 4:28 PM IST

নাওবৈচা, 19 আগষ্ট: বানাক্ৰান্তই বান সাহায্য নাপাই, পাইছে বানত কোনো ক্ষতিগ্ৰস্ত নোহোৱা লোকেহে ৷ এই অভিযোগ উত্থাপন কৰিছে নাওবৈচাৰ একাংশ বঞ্চিত বানাক্ৰান্তই ৷ কিছুদিন পূৰ্বে আকস্মিকভাৱে অহা শিঙৰা নদীৰ বানে আতংকৰ সৃষ্টি কৰিছিল সমগ্ৰ নাওবৈচা অঞ্চলত ৷ শিঙৰাৰ আকস্মিক বানত বহু লোক গৃহহাৰা হোৱাৰ লগতে, প্ৰাণ হেৰুৱাইছিল 4 গৰাকীকৈ লোকে ৷ নিমিষতে সৰ্বস্বান্ত হৈ পৰিছিল বহু লোক ৷ কিন্তু সেই বানাক্ৰান্ত লোকৰ অৱস্থা বুজাত যেন অপাৰগ বিভাগীয় কৰ্তৃপক্ষ ৷

নাওবৈচাত বান সাহায্যৰ নামৰ অনিয়মৰ অভিযোগ বানাক্ৰান্তৰ

স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে এই পৰ্যন্ত বানপীড়িত লোকক সাহায্য প্ৰদান কৰাটো দূৰৰে কথা, দীৰ্ঘদিন ধৰি তেওঁৰ চেহেৰাও দেখা নাই বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে ৷ জিলাখনৰ দুই এক স্বেচ্ছাসেৱী সংগঠনে বন্যাৰ্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে যদিও সেইয়াও নগণ্য ৷ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা লোকসকলৰ মাজত জিলা প্ৰশাসনৰ পৰা বিতৰণ কৰা বান সাহায্যতো দুৰ্নীতিৰ অভিযোগ কৰিছে ভুক্তভোগী লোকে ৷ বনপীড়িত ৰাইজৰ অভিযোগ অনুসৰি, স্থানীয় গাঁওবুঢ়া হীৰেন গগৈয়ে বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ বিপৰীতে, ক্ষতিগ্ৰস্ত নোহোৱা পৰিয়ালকহে বান সাহায্য প্ৰদান কৰিছে ৷ তালিকাতো অন্তৰ্ভুক্ত হৈছে একাংশ ক্ষতিগ্ৰস্ত নোহোৱা পৰিয়ালৰহে নাম ৷ যাৰ বাবে সাহায্যৰ আশাৰে বাট চাই ৰোৱা হিতাধিকাৰীসকল সম্প্ৰতি ক্ষোভিত হৈ পৰিছে প্ৰশাসনৰ লোকৰ বিৰুদ্ধে ৷ প্ৰশাসনক পৰ্যাপ্ত খাদ্য সামগ্ৰী প্ৰদানৰ দাবী বঞ্চিত বানাক্ৰান্তৰ ৷

লগতে পঢ়ক: বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.