ETV Bharat / state

নাৰায়ণপুৰত ''দাম্ভিক ক'ৰণা'' শীৰ্ষক গীত উন্মোচন

সাধাৰণ ৰাইজৰ মাজত গীতৰ মাধ্যমেৰে কৰ'ণাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মুকলি কৰা হয় 'দাম্ভিক কৰ'ণা' শীৰ্ষক এটি বিশেষ গীত ৷

corona special song
দাম্ভিক ক'ৰনা
author img

By

Published : May 1, 2021, 7:37 PM IST

লখিমপুৰ,১ মে': দেশজুৰি অব্যাহত আছে মহামাৰীৰ ভয়ংকৰ সংক্ৰমণ । ইয়াৰ মাজতে সজাগতা সৃষ্টিৰ লক্ষ্যৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মুকলি কৰা হয় 'দাম্ভিক কৰ'ণা' শীৰ্ষক এটি বিশেষ গীত ৷ সাধাৰণ ৰাইজৰ মাজত গীতৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি গীতটো কথাৰে সজাইছে গহপুৰৰ সাংবাদিক,গীতিকাৰ ৰমেন বৰাই ৷ অষ্টম শ্ৰেণীত অধ্যয়নৰত কণমানি শিল্পী গুণগুণ বৰুৱাই গীতটোত কণ্ঠদান কৰি শ্ৰোতাৰ মন মুহিবলৈ সক্ষম হৈছে ৷

উদীয়মান সংগীত শিল্পী মানস প্ৰতিম বৰাই সংগীত ব্যৱস্থাপনা কৰা আৰু সংগীত মিশ্ৰণ কৰা গীতটোত সুৰেৰে অধিক মনোগ্ৰাহী কৰিছে সাংস্কৃতিক কৰ্মী প্ৰদীপ কাকতিয়ে ৷ শনিবাৰে নাৰায়ণপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত গীতটো উন্মোচন কৰে নাৰায়ণপুৰৰ জ্যেষ্ঠ সাংবাদিক জগত গগৈয়ে ৷ শিক্ষক তথা সাংস্কৃতিক কৰ্মী প্ৰশান্তজ্যোতি বৰুৱাই আঁত ধৰা সভাখনত হিমাদ্ৰী থিয়েটাৰৰ প্ৰযোজক নৱজ্যোতি শইকীয়া, কণমানি গুণগুণৰ পিতৃ-মাতৃ অতুল বৰুৱা আৰু অনিতা বৰুৱা উপস্থিত থাকে ।

সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চলি আয়োজন কৰা উন্মোচনী সভাখনৰ আৰম্ভণিতে কৰ'ণা কালত আকস্মিকভাৱে মৃত্যুমুখত পৰা সকলৰ আত্মাৰ সদগতিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

লগতে পঢ়ক: আলফা(স্বাঃ) লৈ মুকলি সমৰ্থন জনাই আটক তিতাবৰৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.