ETV Bharat / state

ঢকুৱাখনাৰ আদালতৰ পৰাই পলাল তিনি অপৰাধী - ঢকুৱাখনাৰ আদালতৰ পৰা পলাল তিনি দুধৰ্ষ অপৰাধী

আৰক্ষীৰ কঠোৰ পহৰাৰ মাজতেই ৰাজ্য়ৰ বিভিন্ন কাৰাগাৰৰ পৰাই পলায়ন কৰি আছে দুধৰ্ষ অপৰাধী । ইয়াৰ মাজতেই ঢকুৱাখনাৰ আদালতৰ(Three convicts escape from Dhakuakhana court) পৰা তিনি দুধৰ্ষ অভিযুক্তই পলায়ন কৰা ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে ।

Three convicts escape from Dhakuakhana court
ঢকুৱাখনাৰ আদালতৰ পৰা পলাল তিনি দুধৰ্ষ অপৰাধী
author img

By

Published : Aug 17, 2022, 10:12 AM IST

লখিমপুৰ, ১৭ আগষ্ট: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ আদালতৰ পৰা পলাল তিনি দুধৰ্ষ অভিযুক্ত(Three convicts escape from Dhakuakhana court)। নৰহত্যা,ডকাইতি, ধৰ্ষণ আদি জঘন্য অপৰাধত জড়িত পলাতক অভিযুক্ত কেইটা হৈছে মাজ জালভাৰী গাঁৱৰ গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱা,হুজ গাঁৱৰ সোণতি দাস আৰু যতীন তামুলী । এই অভিযুক্ত কেইটাৰ বিৰুদ্ধে চলি থকা গোচৰ সন্দৰ্ভত সোমবাৰে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা তেওঁলোকক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতলৈ নিয়া হৈছিল । আদালতত হাজিৰ কৰোৱাৰ পুৰ্বে অভিযুক্ত কেইটাক আদালতৰ লকআপত ৰাখিছিল । কিন্তু আৰক্ষীৰ চকুত ধুলি দি তিনিওটা অভিযুক্তই লকআপৰ শৌচাগাৰৰ খিৰিকীৰ গ্ৰীল ভাঙি দুপৰীয়া ১২ মান বজাত পলায়ন কৰিবলৈ সক্ষম হয় । অভিযুক্তকেইটা দৌৰি পলাই যোৱা দেখা পাই এজন লোকে জনোৱাৰ পাছতহে আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰে ।

Three convicts escape from Dhakuakhana court
ঢকুৱাখনাৰ আদালতৰ পৰা পলাল তিনি দুধৰ্ষ অপৰাধী

উল্লেখ্য যে এটা লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত আছিল গেৰজাই বৰুৱা আৰু সোণতি দাস । ৰাজ্যৰ বিভিন্ন জিলাত বহু অপৰাধ সংঘটিত কৰা গেৰজাই আৰু সোণতিক আৰক্ষীয়ে ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত ঢকুৱাখনাত গ্ৰেপ্তাৰ কৰিছিল। কিন্তু চলিত বৰ্ষৰ ২২ জানুৱাৰীত লখিমপুৰৰ চাবতি চিকিৎসালয়ৰ পৰা হেণ্ডকাফসহ পলাই গৈছিল গেৰজাই । ক'ভিড আক্রান্ত হোৱাৰ বাবে চিকিৎসাধীন কৰাৰ সুযোগতে আৰক্ষীৰ চকুত ধুলি দি পলাই গৈছিল গেৰজাই । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গুলিচালনা কৰি গেৰজাইক গ্ৰেপ্তাৰ কৰিছিল । ইপিনে, যতীন তামুলী আছিল চুৰি গোচৰত অভিযুক্ত ।

তেতিয়াৰে পৰাই লখিমপুৰ জিলা কাৰাগাৰত থকা এই দুই অভিযুক্তক গোচৰ সন্দৰ্ভত আদালতত হাজিৰ কৰিবলৈ নিয়াৰ পিছতে পুনৰ পলায়ন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পলাতক অভিযুক্ত কেইটাৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে তীব্র অভিযান চলাইছে । শেহতীয়াকৈ জানিব পৰা মতে,আৰক্ষীয়ে যতীনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ঢকুৱাখনাৰ আদালতৰ(Dhakuakhana court)পিছফালে থকা এখন পথাৰৰ পৰাই আৰক্ষীয়ে অভিযুক্তটোক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:ATM fraud detained, সাৱধান ! নলবাৰীত এ টি এম প্ৰৱঞ্চক আটক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.