লখিমপুৰ, 3 ছেপ্তেম্বৰ : লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা মেডিকেল কলেজ সংযোগী পথটো প্ৰথিতযশা সাহিত্যিক নীলকণ্ঠ গোহাঞিবৰুৱাৰ নামেৰে নামাংকিত হৈ আছে ৷ কিন্তু সময়ে সময়ে এই পথটোৰ নাম সলনিৰ চেষ্টা চলি আছে ৷ শেহতীয়াকৈ পুনৰ তেনেদৰে পথটোৰ নাম সলনি কৰি চৰকাৰীভাৱে বিভাগীয় নথিত উল্লেখ কৰা হৈছে ৷ যাৰ বাবে এতিয়া ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷
উল্লেখ্য যে, অসম সাহিত্য সভা গঠন হৈছিল ১৯১৭ চনত ৷ প্ৰথমগৰাকী সভাপতি আছিল লখিমপুৰৰ পদ্মনাথ গোহাঞিবৰুৱা ৷ কিন্তু অসম সাহিত্য সভা গঠন হোৱাৰ পাঁচ বছৰৰ আগতেই ১৯১২ চনত গঠন হৈছিল উত্তৰ লখিমপুৰ সাহিত্য সভা ৷ সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱাৰ ভাতৃ নীলকণ্ঠ গোহাঞিবৰুৱা ৷
নীলকণ্ঠ গোহাঞিবৰুৱাই স্থাপন কৰা উত্তৰ লখিমপুৰ সাহিত্য সভা আজিও এক সুকীয়া পৰিচয়ৰে সাহিত্য ক্ষেত্রত জাকত জিলিকা হৈ কাম কৰি আছে ৷ এই গৰাকী প্ৰথিতযশা সাহিত্যিকগৰাকীৰ নামত এটা পথ উৎসৰ্গা কৰা হৈছিল ৷
তেওঁৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই পৌৰসভা আৰু জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা লখিমপুৰ মেডিকেল কলেজ সংযোগী পথটো নীলকণ্ঠ গোহাঞিবৰুৱাৰ নামেৰে নামকৰণ কৰা হৈছিল ৷
লখিমপুৰ পৌৰসভাই ২০০০ চনৰ ৩০ নৱেম্বৰত পথটো নীলকণ্ঠ গোহাঞিবৰুৱাৰ নামত নামকৰণ কৰাৰ বাবে অনুমতি দিয়াৰ উপৰিও তেতিয়াৰ জিলা উপায়ুক্তই ২০০২ চনৰ ২৬ মাৰ্চত স্থায়ী ফলক স্থাপনৰ বাবে অনুমোদন জনায় ৷ তেতিয়াৰ পৰাই এই পথটো নীলকণ্ঠ গোহাঞিবৰুৱা নামেৰে জনাজাত হৈ আছে যদিও সময়ে সময়ে পথটো নীলকণ্ঠ গোহাঞিবৰুৱা পথৰ সলনি আন নামেৰে চিহ্নিত কৰিবলৈও প্ৰচেষ্টা চলি আহিছে ৷
বিগত বৰ্ষত খোদ পৌৰসভাই এই পথটো ৰঙাজান পথ বুলি জিলা আয়ুক্ত কাৰ্যালয়ৰ কাষতে ফলক স্থাপন কৰিছিল ৷ কিন্তু লখিমপুৰৰ সচেতন ৰাইজৰ লগতে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ প্ৰতিবাদত পৌৰসভাই সেই ফলক উঠাই নিবলৈ বাধ্য হয় ৷
শেহতীয়াকৈ পুনৰ পথটোৰ নামৰ ওপৰত আঘাত পৰিছে ৷ এই পথটোৰ মাজ ভাগত থকা নকাৰী ৰে’লৱে ক্ৰচিঙত এখন উৰণসেতু নির্মাণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে ৷ মেডিকেল কলেজ, বিমান বন্দৰ, ত্ৰয়োদশ অসম আৰক্ষীৰ ছাউনী, সৈন্য বাহিনীৰ শিবিৰৰ লগতে বহু গুৰুত্বপূৰ্ণ শিক্ষা তথা বিভিন্ন অনুষ্ঠানক সংযোগ কৰা এই পথটোত থকা ৰে’লৱে ক্ৰচিংটোত ৰে’লগেট বন্ধ হৈ থকাৰ সময়ত ভীষণ সমস্যাৰ সৃষ্টি হয় ৷ সেয়ে এই ক্ৰচিংটোত এখন উৰণসেতু নির্মাণ কৰিবলৈ ৰাইজে দীর্ঘদিন ধৰি দাবী জনাই আহিছে ৷
শেহতীয়াকৈ চৰকাৰে ক্ৰচিংটোত এখন উৰণসেতু নির্মাণৰ প্ৰস্তুতি কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে ৷ পিছে উৰণসেতুখন নিৰ্মাণৰ প্ৰস্তুতিত এফালে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে অসন্তুষ্টিও প্ৰকাশ কৰিছে ৷ এই অসন্তুষ্টি প্ৰকাশ পাইছে বিভাগীয়ভাৱে পথটোৰ নাম উল্লেখ কৰাৰ বাবে ৷
লোক নিৰ্মাণ বিভাগে উৰণসেতু নির্মাণ সম্পৰ্কীয় নিবিদাৰ লগতে নথি-পত্ৰত পথটো নকাৰী ৰঙাজান পথ বুলি উল্লেখ কৰাৰ লগে লগে স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰিছে ৷ উৰণসেতু নির্মাণ সম্পূৰ্ণ হোৱাৰ পিছত পথটো নীলকণ্ঠ গোহাঞিবৰুৱা পথৰ সলনি ৰঙাজান পথ হ’ব বুলি শংকিত হৈ ৰাইজে প্ৰতিবাদ জনাইছে ৷
নকাৰীৰ বিশিষ্ট ব্যক্তিসকলে এই লৈ ক্ষোভ প্ৰকাশ কৰি কয় প্ৰথিতযশা সাহিত্যিক নীলকণ্ঠ গোহাঞিবৰুৱাক দৰাচলতে অপমান কৰা হৈছে ৷ তেওঁৰ নামত থকা পথটোৰ নাম বাৰে বাৰে সলনি কৰিবলৈ চেষ্টা কৰি থকা হৈছে ৷ ইয়াত এক গভীৰ ষড়যন্ত্র নিহিত হৈ আছে ৷ কোনো কাৰণতে বিশিষ্ট সাহিত্যিকগৰাকীৰ নামত থকা পথটোৰ নাম সলনি কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দি ৰাইজে এই ক্ষেত্ৰত যিকোনো স্তৰত গৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু বুলি হুংকাৰ দিয়ে ৷
লগতে পঢ়ক : Silsako Beel eviction: শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত আপৰ মৌন প্ৰতিবাদ