ETV Bharat / state

Congress Protest in Lakhimpur: লখিমপুৰত কংগ্রেছৰ সংকল্প সত্যাগ্ৰহ

author img

By

Published : Mar 26, 2023, 10:33 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত কংগ্ৰেছৰ । লখিমপুৰত কংগ্রেছে দেওবাৰে সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে (Protest in Lakhimpur)। বিজেপিৰ অপশাসন ওফৰাই পেলাবলৈ আহ্বান জনালে প্ৰতিবাদকাৰীয়ে ।

Congress Protest at Lakhimpur
কংগ্রেছৰ সংকল্প সত্যাগ্ৰহত উত্তাল লখিমপুৰ

লখিমপুৰ, ২৬ মাৰ্চ: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদ জনাইছে প্ৰদেশ কংগ্ৰেছে (APCC protest against Rahul Gandhi disqualification)। ইয়াৰে অংশৰূপে লখিমপুৰত কংগ্রেছে দেওবাৰে সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে ।

কংগ্রেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাকে ধৰি তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যবস্থাৰ বিপক্ষে দেওবাৰে কংগ্রেছ দলে দেশব্যাপী প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । অসমতো বিভিন্ন জিলাৰ লগতে লখিমপুৰত জিলা কংগ্রেছ কাৰ্যালয়ত কংগ্রেছে সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী গ্রহণ কৰে । ৰাহুল গান্ধীৰ প্ৰতি বিজেপিয়ে গ্রহণ কৰা অন্যায় পদক্ষেপৰ বিৰুদ্ধে কংগ্রেছে অনাগত সময়ত দেশব্যাপী ভয়ংকৰ আন্দোলন গঢ়ি তুলিব । দেওবাৰে লখিমপুৰ জিলা কংগ্রেছে গ্ৰহণ কৰা সংকল্প সত্যাগ্ৰহ কাৰ্যসূচীৰ থলীৰ পৰাই এইদৰে হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে (Congress Protest at Lakhimpur) ।

সত্যাগ্ৰহ থলীত ভাষণ দি কংগ্রেছ নেতৃত্বই বিজেপিৰ বিৰুদ্ধে চৰম ক্ষোভ প্রকাশ কৰে । প্ৰতিবাদকাৰীসকলে কয় যে ৰাহুল গান্ধীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যবস্থা চৰম অন্যায় মূলক । এতিয়া দেশপ্রেমৰ চাৰ্টিফিকেট দি ফুৰা বিজেপিৰ আছে স্বাধীনতা সংগ্রামত মচিব নোৱাৰা কলংকিত ইতিহাস । এই দলৰ বাবে এতিয়া কোনেও মুক্তভাৱে একো কব নোৱাৰা হৈছে । সাংবাদিক, কবি, সাহিত্যিক কোনেও মুক্ত ভাৱে একোৱেই কব অথবা লিখিব পৰা পৰিৱেশ নাই । মুক্ত ভাৱে কিবা ক'লেই জেললৈ নিক্ষেপ কৰা হৈছে । এনে স্বৈৰাচাৰী শাসনৰ অন্ত পৰিবলৈ বৰ বেছি সময় নালাগিব । কংগ্রেছে ইয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে । অনাগত সময়ত ভয়ংকৰ ৰূপত হ'ব এনে আন্দোলন । এই আন্দোলনত সকলোৱ সহযোগ কৰি বিজেপিৰ অপশাসন ওফৰাই পেলাবলৈ তেওঁলোকে আহ্বান জনায় ।

জিলা কংগ্রেছৰ নেতৃত্বই এইদৰে ৰাইজক কংগ্রেছৰ লগত সহযোগিতা কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাকে ধৰি তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা আইনী তথা ৰাজনৈতিক ব্যবস্থাৰ প্ৰতিবাদ জনাই দেওবাৰে দেশজুৰি কংগ্রেছে প্ৰতিবাদী কাৰ্যসূচী হিচাপে সংকল্প সত্যাগ্ৰহ গ্ৰহণ কৰে । লখিমপুৰৰ কাৰ্সূচীত প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাইসহ ভালেমান কংগ্রেছ কৰ্মীয়ে অংশগ্রহণ কৰে ৷

লগতে পঢ়ক :Crime in Guwahati: মহানগৰীত জব্দ প্ৰায় 50 লাখ টকাৰ নিষিদ্ধ চিগাৰেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.