ETV Bharat / state

ব'হাগ আহিল কিন্তু বিহু নাহিল : হতাশ ঢোল নিৰ্মাতা !

এইবাৰ ব'হাগত নাবাজিব ঢোল-পেঁপা ৷ কিয়নো লক্ ডাউন আৰু কৰ'ণা ভাইৰাছৰ বাবে অনুস্তূপীয়াকৈ হে বিহু পালিব লাগিব অসমীয়াই ৷ যাৰ বাবে আৰ্থিক বিপদ আহিছে ঢোল প্ৰস্তুতকাৰী লোকসকলৰ বাবে ৷ ঢোল বিক্ৰী কৰিব নোৱাৰিলে বছৰটোলৈ চলিবলৈ কিছু সমস্যাই দেখা দিয়ে এই সকল লোকৰ মাজত ৷

author img

By

Published : Apr 11, 2020, 5:34 PM IST

cobbler facing problem due to lockdown
cobbler facing problem due to lockdown

বিহপুৰীয়া, 11 এপ্ৰিল : ৰাজ্যত মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লক্ ডাউন অব্যাহত থকাৰ সময়তে পদুলি মুখ পালেহি বাপতিসাহোন ৰঙালী বিহু ৷ পূৰ্বতে এই সময়চোৱাত অসমীয়া সমাজত পৰিলক্ষিত হয় অন্তহীন ব্যস্ততা ৷ কিন্ত এইবাৰ নিমাওমাও পৰিৱেশ অসমত ৷ ক’তো শুনিবলৈ নাই ঢোল-পেঁপাৰ মাত ৷ উৰুঙা হৈ ৰৈছে অসমীয়াৰ মন-প্ৰাণ, কিয়নো কৰ'ণা ভাইৰাছ আৰু লক্ ডাউনৰ বাবে এইবাৰ উলহ মালহৰ পৰিৱৰ্তে অনুস্তূপীয়াকৈ হে বিহু পালিব লাগিব অসমীয়াই ৷

ব'হাগ আহিল কিন্তু বিহু নাহিল

অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যত ঢোল তৈয়াৰ কৰা মুচিসকলৰো ব্যস্ততা বাঢ়ে ৷ পিচে লক্ ডাউনে স্তিমিত কৰিছে তেওঁলোকৰ ব্যৱসায় ৷ সাধাৰণতে এইখিনি সময়ত ঢোল বনোৱাৰ কামত ব্যস্ত থাকে মুচিসকল ৷ কিন্তু বৰ্তমান লক্ ডাউনৰ প্ৰভাৱত ব্যস্ততা নোহোৱা হৈছে তেওঁলোকৰ ৷ গ্ৰাহকৰ বাবে শাৰী শাৰীকৈ সজাই থৈছে ঢোল ৷ আগধন দিয়া সকলেও ঢোল বনাব নালাগে বুলি জনাইছে নিৰ্মাতাসকলক ৷ এইসময়ত পাঁচ লাখ টকা পৰ্যন্ত ব্যবসায় কৰা মুচি সকলে এইবাৰ মূৰে কপালে হাত দিব লগা হৈছে ৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল বনাই থোৱা ঢোলসমুহ সংৰক্ষণ কৰাৰ উপায় নাথাকে ৷ কিছুদিনৰ পাছত পোকে খায় পেলাই ঢোলত ব্যৱহাৰ কৰা চামৰাবোৰ ৷ সেয়ে মজুত ৰাখিব পৰা তবলা-খোল বনাই ভৱিষ্যতে এখন বজাৰ লোৱাৰ আশা পুহি ৰাখিছে শিপ্লীসকলে ৷

লগতে পঢ়ক : বিদেশত কুশলে আছেনে অসমীয়া -3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.