ETV Bharat / state

Junmoni Rabha death case: সংবাদ মাধ্যমৰ আগত ভুমুকি মাৰি অন্তৰ্ধান হ’ল আজগৰ আলী - AASU on Junmoni Rabha Case

জোনমণি ৰাভাৰ লখিমপুৰ অভিযানৰ সবিশেষ বিৱৰণ দি পুনৰ অন্তৰ্ধান হ’ল লখিমপুৰৰ আজগৰ আলী (Aajgar Ali missing again)৷ নগাঁৱৰ সমান্তৰালকৈ লখিমপুৰ জিলাতো জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে উপস্থিত হয় চি আই ডিৰ এটা দল (CID probe into Junmoni Rabha death)৷

CID operation in lakhimpur
সংবাদ মাধ্যমৰ আগত ভুমুকি মাৰি অন্তৰ্ধান হ’ল আজগৰ আলী
author img

By

Published : May 18, 2023, 9:06 PM IST

লখিমপুৰ, ১৮ মে': কেতবোৰ ন ন তথ্য উদঘাটনৰ পিচতে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ঘটনাই হত্যাকাণ্ডৰ মোৰ (Junmoni Rabha mysterious death)৷ যোৱা 16 মে’ তাৰিখে জখলাবন্ধাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মৰিকলং আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৷ তাৰ পিচতে এই ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ জোনমণিৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছিল জোনমণিৰ পৰিয়ালৰ লোকে (CID operation in Lakhimpur)৷

বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাচতে 17 মে’ত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে চি আই ডিক দায়িত্ব অৰ্পন কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সেই অনুসৰি বুধবাৰে নগাঁৱত উপস্থিত হয় চি আই ডিৰ অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত এটা তদন্তকাৰী দল (Aajgar Ali missing again) ৷ ইয়াৰ সমান্তৰালভাৱে লখিমপুৰ জিলাতো জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে উপস্থিত হয় চি আই ডিৰ এটা দল (CID probe into Junmoni Rabha death)৷ বুধবাৰে নিশা লখিমপুৰত উপস্থিত হৈ বৃহস্পতিবাৰে পুৱা জোনমণি ৰাভাৰ বিৰুদ্ধে ধনদাবী, নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি লখিমপুৰ সদৰ থানাত গোচৰ তৰা বৰচলাৰ আমিনা খাতুনৰ ঘৰত অভিযান চলায় (Junmoni Rabha mysterious death update)৷

আমিনা খাতুনৰ পুত্ৰ তথা জোনমণি ৰাভাই আটক কৰি এৰি দিয়া আজগৰ আলীক চিআইডিৰ দলটোৱে বিচাৰে যদিও আজগৰে প্ৰথমে আত্মগোপন কৰিছিল ৷ চিআইডিৰ দলটোৱে আমিনা খাতুনৰ ভাষ্য গ্ৰহণ কৰে ৷ তেওঁলোকৰ ঘৰৰ পৰা চিআইডিৰ দলটো আঁতৰি যোৱাৰ পাচত আজগৰ আলীয়ে সংবাদ মাধ্যমৰ আগত জোনমণি ৰাভাই চলোৱা অভিযানৰ বিষয়ে বিতং বৰ্ণনা দি পুনৰ আত্মগোপন কৰে ৷ আমিনা খাতুনেও সেই দিনাৰ অভিযানৰ বিষয়ে সংবাদ মাধ্যমৰ আগত মতামত প্ৰকাশ কৰে ৷

পৰৱৰ্তী সময়ত লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত উপস্থিত হয় চিআইডিৰ তদন্তকাৰী দলটো ৷ দলটোৱে আৰক্ষী চকীত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীসকলক ভাগে ভাগে সোধা-পোছা কৰাৰ লগতে তন্ন তন্নকৈ পৰীক্ষা কৰে নথি-পত্ৰসমূহ ৷ প্ৰায় দুঘন্টা সময় সোধা-পোছাৰ অন্তত ওলাই যায় চিআইডিৰ তদন্তকাৰী দলটো ৷ আৰক্ষী চকীৰ পৰা ওলাই যোৱাৰ সময়ত চি আইডিৰ দলটোৱে সংবাদ মাধ্যমৰ আগত তদন্ত চলি আছে বুলি মন্তব্য প্ৰকাশ কৰি এতিয়া একো জনাব নোৱাৰিম বুলি জনায় ৷

ইফালে আৰক্ষী বিষয়া জোনমণিৰ মৃত্যুৰ ঘটনাৰ নতুন নতুন দিশ উন্মোচন হ’বলৈ ধৰিছে ৷ সামাজিক মাধ্যম, সংবাদ মাধ্যম সকলোতে নতুনকৈ বহু কথা সংযোজন হ’বলৈ ধৰিছে ৷ সকলোৱে এই ঘটনাৰ দোষীক শাস্তি দিয়াৰ পোষকতা কৰিছে ৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাই এই ঘটনাৰ উচিত তদন্তৰ লগতে অবৈধ বেহাৰ লগত মিতিৰালি থকা আৰক্ষী বিষয়াৰ শাস্তিৰ দাবী উত্থাপন কৰিছে ৷ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে এক বিবৃতিত উল্লেখ কৰে যে অবৈধ বেহাৰ লগত মিতিৰালি কৰি একাংশ আৰক্ষী বিষয়াই লক্ষ লক্ষ টকা সংগ্ৰহ কৰি আহিছে ৷

সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই এই চোৰাংভাৱে কৰা বেহাৰ লগত জড়িত মাষ্টাৰমাইণ্ডসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আৰু অভিযোগ উত্থাপিত আৰক্ষী বিষয়াসকলৰ ওপৰত কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনায় ৷ লগতে ছাত্ৰ সন্থাই বিবৃতিত উল্লেখ কৰে যে, চিলনীবাৰী আৰক্ষী চকী, বান্দৰদেৱা আৰক্ষী চকী, খেলমাটি অঞ্চলটো ব্যাপক ৰূপত ড্ৰাগছৰ বেহা চলি আছে ৷ এইসমূহৰ ওপৰতো কঠোৰ ব্যৱস্থা কৰিবৰ বাবে দাবী উত্থাপন কৰে ৷ অন্যথা এই সম্পৰ্কত ছাত্ৰ সন্থাই অনাগত দিনত ব্যাপক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোৰ জৰিয়তে সকীয়াই দিয়ে (AASU on Junmoni Rabha Case)৷

লগতে পঢ়ক: Junmoni Rabha Mysterious death: জোনমণি ৰাভাৰ লখিমপুৰ অভিযানৰ বিতং বৰ্ণনা আজগড় আলীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.