ETV Bharat / state

Child death in Lakhimpur: লখিমপুৰত শিশুৰ সলিল সমাধি

ৰাজ্যৰ চৌদিশে এতিয়াও হ্ৰাস পোৱা নাই বান আৰু বাঢ়নি পানীৰ প্ৰকোপ। এনে পৰিস্থিতিত পানীত পৰি হোৱা মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আছে। বিশেষকৈ খাল-ডোং অথবা পুখুৰীত পৰি শিশুৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ আছে । লখিমপুৰত সোমবাৰে বিয়লি তেনে এক ঘটনাই সংঘটিত হৈছে (Child death at Lakhimpur)।

author img

By

Published : Jul 19, 2022, 12:37 PM IST

i
Child death in Lakhimpur: লখিমপুৰত শিশুৰ সলিল সমাধি

লখিমপুৰ,১৯ জুলাই: ৰাজ্যৰ চৌদিশে এতিয়াও হ্ৰাস পোৱা নাই বান আৰু বাঢ়নি পানীৰ প্ৰকোপ। এনে পৰিস্থিতিত পানীত পৰি হোৱা মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আছে । বিশেষকৈ খাল-ডোং অথবা পুখুৰীত পৰি শিশুৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ আছে । লখিমপুৰত সোমবাৰে বিয়লি তেনে এক ঘটনাই সংঘটিত হৈছে(Child death at Lakhimpur)।ঘটনাৰ বিৱৰণি অনুসৰি লখিমপুৰ নগৰৰ সমীপৰ চাবতিত সোমবাৰে বিয়লি এটি শিশুৰ সলিল সমাধি ঘটে । শিশুটি চাবতী পদুমণি নিবাসী আবুল হুছেইনৰ ৫ বছৰীয়া পুত্ৰ মিচাফুল হুছেইন বুলি জানিব পৰা গৈছে ।

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি শিশুটিয়ে বিয়লি ৩ মান বজাত নিজ ঘৰৰে এটা পুখুৰীত পৰি মৃত্যুক আকোৱালী লয় । পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত শিশুটিৱে ঘৰতে খেলি আছিল । সন্ধিয়াৰ পূৰ্বে পিতৃ-মাতৃ ঘৰলৈ আহি শিশুটিক নেদেখি বিচাৰ-খোচাৰ কৰাত চৌহদৰ এটা পুখুৰীত পৰি থকা অৱস্থাত শিশুটিৰ মৃতদেহ প্ৰত্য়ক্ষ কৰে । পাছত স্থানীয় ৰাইজৰ সহযোগত মিচাফুলৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে । পৰিয়ালৰ খবৰৰ ভিত্তিত পাছত লীলাবাৰীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে লখিমপুৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে (Lakhimpur civil hospital)।

লগতে পঢ়ক:Fire in Guwahati: ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড, এগৰাকী মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.