বিহপুৰীয়া, 12 জানুৱাৰী : লখিমপুৰ জিলাৰ পিঠাগুৰি মিচিং গাঁৱত ক'ৰণা ভাইছৰ আকৃতিত ভোগালীৰ ভেলাঘৰ নিৰ্মাণ কৰিলে গাঁওখনৰ শতাধিক ৰাইজে ৷ ইয়াৰ সমান্তৰালভাৱে স্বচ্ছতা মূল বিষয় হিচাপে লৈ প্ৰতিবছৰে গাঁও আৰু দোকান বজাৰৰ পেলনীয়া প্লাষ্টিক আৰু জাৱৰ-জোঁথৰেৰে এশ এটা মেজি তৈয়াৰ কৰি ভোগালী পালন কৰি আহিছে গাঁওখনৰ ৰাইজে ৷
লখিমপুৰ জিলাৰ পিঠাগুৰি মিচিং গাঁৱৰ ৰাইজে সদৰি কৰা মতে বিগত 9 বছৰে এইদৰে ভোগালী পালন কৰি আহিছে গাঁওখনত ৷ এইবাৰ মাঘৰ 1 তাৰিখৰ দিনটোত ভোগালী মেলাৰ উপলক্ষে জনজাতি খাদ্য মেলা প্ৰদৰ্শন কৰা হ’ব বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ পোনচাতেই ক'বলৈ গ'লে ভোগালীক আদৰিবলৈ গাঁৱৰ ৰাইজৰ মাজত ব্যাপক উছাহ দেখা গৈছে ৷
লগতে পঢ়ক : নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী