ETV Bharat / state

ড৹ অঞ্জলি প্ৰভা দৈমাৰীলৈ জাতীয়তাবাদী যুৱ পৰিষদৰ 'বৰ অসম সমন্বয় বঁটা-2023' - জাতীয়তাবাদী যুৱ পৰিষদ

অসম জাতীয়তাবাদী যুৱ পৰিষদে অসম দিৱসৰ দিনা প্ৰতি বছৰে প্ৰদান কৰি আহিছে বৰ অসম সমন্বয় বঁটা। এইবাৰ পৰিষদে এই বঁটা আগবঢ়াইছে বিশিষ্ট মানৱাধিকাৰ কৰ্মী ড০ অঞ্জলি প্ৰভা দৈমাৰীলৈ।

Bor Axom Samannya Award 2023
বৰ অসম সমন্বয় বঁটা 2023 ঘোষণা
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:01 PM IST

জাতীয়তাবাদী যুৱ পৰিষদৰ সংবাদমেল

লখিমপুৰ, 30 নবেম্বৰ : বিশিষ্ট মানৱাধিকাৰ কৰ্মী ড৹ অঞ্জলী প্ৰভা দৈমাৰীলৈ "বৰ অসম সমন্বয় বঁটা-2023" ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদে বিশিষ্ট মানৱাধিকাৰ কৰ্মী ড৹ অঞ্জলী প্ৰভা দৈমাৰীলৈ আগবঢ়াইছে "বৰ অসম সমন্বয় বঁটা-2023" ৷ দুই ডিচেম্বৰ অৰ্থাৎ অসম দিৱসৰ দিনা লখিমপুৰত তেওঁক এই বঁটা প্ৰদান কৰিব সংগঠনটোৱে ৷

উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ সহযোগত 2 ডিচেম্বৰত পঞ্চম বাৰ্ষিক অসম দিৱসৰ আয়োজন কৰা হৈছে ৷ এই দিৱসৰ মুকলি সভাত ড৹ অঞ্জলী প্ৰভা দৈমাৰীক বৰ অসম সমন্বয় বঁটা প্ৰদান কৰা হ’ব ৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো 2 ডিচেম্বৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ সহযোগত পঞ্চম বাৰ্ষিক অসম দিৱস উত্তৰ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত আয়োজন কৰা হৈছে ৷

এইবাৰ অসম দিৱস উপলক্ষে পঞ্চমবাৰৰ বাবে বৰ অসম সমন্বয় বঁটা প্ৰদান কৰা হ'ব বড়ো ওমেন জাষ্টিছ ফৰামৰ সভানেত্ৰী ড৹ অঞ্জলী প্ৰভা দৈমাৰীক ৷ এই বঁটাত থাকিব শৰাই, গামোচা, চেলেং, জাপি, এটি স্মাৰক, সম্বৰ্দ্ধনা পত্ৰ, হেংদাং আৰু নগদ 25 হেজাৰ টকা ৷ বৃহস্পতিবাৰে বিয়লি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ নেতৃত্বই ৷

সংবাদমেলত উপস্থিত থাকে অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱা, পত্ৰিকা সম্পাদক প্ৰশান্ত কুমাৰ মোদক, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হৰেন বৰুৱা, সাধাৰণ সম্পাদক মোবিন আহমেদ, সহকাৰী সম্পাদক ৰাজীৱ তালুকদাৰ, উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা, সাধাৰণ সম্পাদক প্ৰবীণ হাজং ৷ তেওঁলোকে এই অনুষ্ঠানটো সফল কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰে ৷

লগতে পঢ়ক : হিন্দু বাংলাদেশীৰ ভোট পোৱাৰ স্বাৰ্থতে অমিত শ্বাহে এনেধৰণৰ কথা কৈছে : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.