ETV Bharat / state

Bor Axom Samannya Award 2022: ড৹ পীতাম্বৰ দেৱ গোস্বামীলৈ বৰ অসম সমন্বয় বঁটা

লাচিত দিৱসৰ দিনা এইবাৰ বৰ অসম সমন্বয় বঁটা প্ৰদান কৰা হ’ব ড৹ পীতাম্বৰ দেৱ গোস্বামীক (Bor Axom Samannya Award 2022 award to Dr Pitambar Deva Goswami) ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে এইবাৰ লখিমপুৰ জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা অসম দিৱসৰ দিনা প্ৰদান কৰিব এই বঁটা ৷

author img

By

Published : Dec 1, 2022, 8:19 PM IST

Bor Axom Samannya Award 2022
ড৹ পীতাম্বৰ দেৱ গোস্বামী লৈ বৰ অসম সমন্বয় বঁটা

লখিমপুৰ, ১ ডিচেম্বৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদে প্ৰতি বছৰে উদযাপন কৰি আহিছে অসম দিৱস (Asom Divas 2022) । এই দিৱস উপলক্ষে অন্যান্য কাৰ্যসূচীৰ লগতে ৰাজ্যখনৰ একোজন বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় অসম সমন্বয় বঁটা ।

পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে এইবাৰ লখিমপুৰ জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা অসম দিৱসৰ কাৰ্যসূচীত বৰ অসম সমন্বয় বঁটা প্ৰদান কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীক (Bor Axom Samannya Award 2022 award to Dr Pitambar Deva Goswami) ।

ড৹ পীতাম্বৰ দেৱ গোস্বামীলৈ বৰ অসম সমন্বয় বঁটা

এই বঁটাত আছে নগদ ২৫ হেজাৰ টকা, স্মাৰক, অংগবস্ত্ৰ, চেলেং, প্ৰশস্তি পত্ৰ, হেংদাং, সঁফুৰা,গামোচা আদি । বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে । অসম দিৱসৰ দিনাই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীক গুৱাহাটীৰ অশ্বক্লান্তত এই বঁটা প্ৰদান কৰা হ’ব ।

উল্লেখ্য যে, পৰিষদে ইয়াৰ পূৰ্বে প্ৰয়াত শিল্পী নিপন গোস্বামী, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহ আদিক এই বঁটা প্ৰদান কৰিছিল । পৰিষদে শুকুৰবাৰে অসম দিৱসৰ দিনা এই বঁটা প্ৰদান কৰাৰ উপৰিও লখিমপুৰত পতাকা উত্তোলন, শ্বহীদ তৰ্পন, ডাম ফি পূজা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিব ।

সংবাদমেলখনত পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক মোবিন আহমেদ, বিত্ত সম্পাদক মৃদুল দত্ত, উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা, ভাৰপ্ৰাপ্ত সম্পাদক পংকজ হাজৰিকা, প্ৰবীণ হাজং আদিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Dibrugarh University Ragging: ৰেগিংকাণ্ডত অভিযুক্ত পাঁচ ছাত্ৰক জেললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.