ETV Bharat / state

লখিমপুৰত বোকা বিহুৰে ৰঙালীৰ আনন্দ - আজি পহিলা বহাগ

আজি পহিলা বহাগ ৷ আজিৰ দিনটোতে লখিমপুৰবাসীয়ে পালন কৰিলে বোকা বিহু ৷ ইজনে সিজনৰ গাত বোকা লগাই পৰম্পৰাগতভাৱে উদযাপন কৰিলে বোকা বিহু (Assamese Festival) ।

boka-bihu-celebration-in-lakhimpur
লখিমপুৰত বোকা বিহুৰে ৰঙালীৰ আনন্দ
author img

By

Published : Apr 15, 2022, 6:40 PM IST

লখিমপুৰ, 15 এপ্ৰিল: লঠঙা বিৰিখৰ মাজেৰে বসন্তৰ বোকোচাত আকৌ আহিছে ৰাঙলী বহাগ (Rongali bihu celebration in Assam) । চৌদিশে এতিয়া ঢোলৰ গুমগুমনি, আপোন বহাগৰ ৰং আনন্দত এতিয়া ৰাইজৰ হিয়া নধৰা হৈছে । কুলিৰ মাতত নাচনীৰ মন চঞ্চলা হৈ পৰিছে । ঢুলীয়াৰ দুহাতত ঢোলৰ ছন্দ ঢোলৰ ছেৱত নাচনী উৰিছে পখিলা হৈ ।

আজি পহিলা বহাগ অৰ্থাৎ মানুহ বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো উদযাপন কৰা হৈছে বোকা বিহু (Boka Bihu celebration in Lakhimpur) । পুৱাই লখিমপুৰ জিলাৰ পথালিপাহাৰৰ নপমুৱা গাঁৱৰ ৰাইজে বোকা বিহু খেলিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷ ইজনে সিজনৰ গাত বোকা লগাই পৰম্পৰাগতভাৱে উদযাপন কৰিলে বোকা বিহু (Assamese Festival) ।

লখিমপুৰত বোকা বিহুৰে ৰঙালীৰ আনন্দ

বোকা বিহু হৈছে কৃষি ভিত্তিক এক উৎসৱ ৷ মাত্ৰ কেইদিন মানৰ পাছতে পথাৰত হাল জুৰিব কৃষকে । সেইবাবে কৃষি কৰ্মলৈ যোৱাৰ আগতে বোকা বিহু উদযাপন কৰিছে ৰাইজে । আনহাতে, বোকা বিহুৰ লোকবিশ্বাস অনুসৰি আজি এই মানুহৰ বিহু দিনটোত বোকা খেলিলে বিভিন্ন চালৰ ৰোগ নিৰাময় হয় । এয়া এক সাতামপুৰুষীয়া পৰম্পৰা ৷

লগতে পঢ়ক : সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.