লখিমপুৰ, ২০ জানুৱাৰী : ঘোঙৰ আতংকই বিৰাজ কৰিছে লখিমপুৰ নগৰৰ দাঁতিকাষৰীয়া অঞ্চলত (Black panther menace in Lakhimpur)। যোৱা ৫ দিন ধৰি এই আতংকৰ সৃষ্টি হৈছে লখিমপুৰত ৷ লখিমপুৰ নগৰৰ সমীপৰ মাহৰা পথাৰত ওলাইছে এটা ঘোং । এটা পুখুৰীৰ পাৰত শুই থকা অৱস্থাত কেইবাবাৰো ঘোংটো প্ৰত্যক্ষ কৰিছে ৰাইজে । যোৱা শনিবাৰৰ পৰাই ঘোংটোৰ উপস্থিতি প্ৰত্যক্ষ কৰা হৈছে (Black panther in Lakhimpur)।
এই পৰ্যন্ত কোনো জীৱ-জন্তুক ঘোংটোৱে আক্রমণ কৰা নাই যদিও বৃহত্তৰ অঞ্চলটোত আতংকই বিৰাজ কৰিছে । উল্লেখ্য যে, উক্ত পথাৰখনৰ মাজত এজন লোকৰ এটা মীন পালন পুখুৰীসহ আছে এখন পাম । এই পাম খনৰ পুখুৰীৰ পাৰত শুই থকা অৱস্থাত ঘোংটোক বহুবাৰ দেখা পোৱা গৈছে । পথাৰ খনৰ মাজত কেইবাখনো ডাঙৰ হাবি আছে । সেই হাবিতে ঘোংটো লুকাই থাকি পানীখাবলৈ পুখুৰীটোলৈ আহে বুলি ধাৰণা কৰা হৈছে ।
বন বিভাগে ইতিমধ্যে ঘোংটোক ধৰিবৰ বাবে পুখুৰীটোৰ পাৰত পিঞ্জৰা স্থাপন কৰিছে ।
লগতে পঢ়ক : পুৰণিগুদামলৈ আহি হঠাৎ কিয় খং উঠিল মন্ত্ৰী সঞ্জয় কিষাণৰ ?