ETV Bharat / state

ধলপুৰত ত্ৰিৰংগাৰ সলনি উৰিল বিজেপিৰ দলীয় পতাকা

author img

By

Published : Aug 15, 2021, 10:24 AM IST

Updated : Aug 15, 2021, 11:14 AM IST

আজি দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ সেই উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উত্তোলন কৰা হৈছে জাতীয় পতাকা ৷ লখিমপুৰ জিলাত কিন্তু ভাৰতীয় জাতীয় পতাকাৰ সলনি উৰিল গেৰুৱা দল বিজেপিৰ দলীয় পতাকা ৷

Independence day
ধলপুৰত ত্ৰিৰংগাৰ সলনি উৰিল বিজেপিৰ দলীয় পতাকা

বিহপুৰীয়া, ১৫ আগষ্ট : সমগ্ৰ দেশতে পালন কৰা হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day)। সকলোৰে মাজত উলহ-মালহ দেখিবলৈ পোৱা গৈছে । কৰ'ণা পৰিস্থিতিৰ (Covid Situation) মাজতো স্বাস্থ্যবিধি পালন কৰি উদযাপন কৰা হৈছে সকলো ভাৰতীয়ৰ বাবে উল্লেখ্যযোগ্য দিনটো । কিন্তু ইয়াৰ মাজতে লখিমপুৰ জিলাত ঘটিল অঘটন ৷

বিজেপি দলৰ একাংশ পালিনেতাই জাতীয় পতাকাৰ সলনি উত্তোলন কৰিলে দলীয় পতাকা । এই দৃশ্য দেখাৰ পাছতে উত্তেজনা সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত । জিলাখনৰ নাৰায়ণপুৰৰ অন্তৰ্গত ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সংঘটিত হৈছে এই ঘটনা ।

ত্ৰিৰংগাৰ সলনি উৰিল বিজেপিৰ দলীয় পতাকা

স্বাধীনতা দিৱসৰ দিনটোত এনেদৰে জাতীয় পতাকাক (National Flag) অপমান কৰি বিজেপিয়ে নিজৰ দলৰ পতাকা উত্তোলন কৰাক লৈ ক্ষোভিত হৈ পৰিছে একাংশ স্থানীয় লোক ।

বিজেপি নেতাৰ এনে কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় যুৱকসকলে । লগতে বিজেপি নেতা অৰূপ বৰা আৰু ধলপুৰ গাঁও পঞ্চায়তৰ সভাপতি মিণ্টু দাসক তীব্ৰ বাক্যবাণৰে থকা-সৰকা কৰে অৰ্ধ শতাধিক স্থানীয় যুৱকে । উল্লেখ্য যে, বিজেপিৰ যুৱ মৰ্চাৰ নাৰায়ণপুৰ ব্লক গ্ৰাম্য মণ্ডলৰ উদ্যোগত ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছিল স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী ।

লগতে পঢ়ক : এদল কিন্নৰে কঁপাই তুলিলে ৰাজপথ...

Last Updated : Aug 15, 2021, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.