লখিমপুৰ, ১৬ ডিচেম্বৰ: লখিমপুৰ বিজেপিত শনি লাগিছে । ঠিকা দিয়াৰ নামত ধন বিচাৰি কেইদিনমান পূৰ্বে বিজেপিৰ এজন নেতা ৰঙাঘৰৰ আলহী হোৱাৰ পাচতেই এইবাৰ পুনৰ আৰক্ষীৰ জালত পৰিল আন এজন বিজেপি নেতা ৷ আটকাধীন বিজেপি নেতাগৰাকী লখিমপুৰ জিলাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চামচুল হুছেইন ওৰফে ৰাজা ৷ চাকৰি দিয়াৰ নামত ধন বিচাৰি আটক হ’ল সংখ্যালঘু মৰ্চাৰ নেতাগৰাকী ৷
ঠিকা-ঠুকলি দিয়াৰ নামত ধন লোৱাৰ অভিযোগত ১৪ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল বিজেপিৰ সংখ্যালঘু উন্নয়ন মৰ্চাৰ লখিমপুৰ জিলাৰ অধ্যক্ষ কেৰামত আলী । লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ বুলি পৰিচিত কেৰামত আলীক বিভিন্নজনৰ অভিযোগ আৰু বিধায়কৰ নিৰ্দেশত লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে ৷ এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই বৃহস্পতিবাৰে নিশা পুনৰ আৰক্ষীয়ে আটক কৰে আন এজন বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা চামচুল হুছেইন ওৰফে ৰাজাক ।
চাকৰিৰ মুকলি বজাৰ পতাৰ অভিযোগত লখিমপুৰৰ আৰক্ষীয়ে আটক কৰে বিজেপি নেতাজনক । অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত বজাৰ পতাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে । অভিযোগ অনুসৰি চামচুল হুছেইন ওৰফে ৰাজাই তৃতীয় বৰ্গৰ চাকৰিৰ নামত ৫ লাখ আৰু চতুৰ্থ বৰ্গৰ চাকৰি নামত ৩ লাখ টকা দাবী কৰিছিল ৷ বিজেপি নেতাজনৰ ধন দাবীৰ ফোন ৰেকৰ্ডিং লাভ কৰি ক্ষুদ্ধ হৈ পৰে বিধায়ক মানৱ ডেকা । ইয়াৰ পাচতেই শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়কজনে নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে ।
সম্প্রতি সদৰ থানাত ৰখা হৈছে চামচুল হুছেইন ওৰফে ৰাজাক ৷ মাথো কেইদিনমানৰ ব্যৱধানত লখিমপুৰত এনেদৰে দুৰ্নীতিৰ অভিযোগত বিজেপি দলৰ দুজনকৈ সংখ্যালঘু মৰ্চাৰ নেতা আৰক্ষীৰ জালত পৰা ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: Lakhimpur BJP Leader Arrest : তিনিদিনৰ আৰক্ষী জিম্মাত লখিমপুৰৰ বিজেপি নেতা কেৰামত আলী