বিহপুৰীয়া,13 এপ্ৰিল: মঙলবাৰৰ দিনটোত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উৰুকাকলৈ ব্য়স্ত হোৱা দেখা গ’ল ৰাজ্য়বাসীক ৷ কৰ’ণা কালত ৰঙালীৰ ৰং উপভোগৰ পৰা বঞ্চিত ৰাজ্য়বাসী এইবাৰ ব্য়স্ত হৈছে বিহুটিক আদৰাত ৷ ৰাজ্য়ৰ অইন প্ৰান্তৰ দৰেই সমূহীয়াকৈ বিহুৰ জা-জলপান প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা দেখা গ’ল নাৰায়ণপুৰৰ মুঢ়ানি গাঁৱৰ মহিলাসকলক ৷
কোনোৱে যদি ঢেঁকী দিছে, আন কোনোৱে আকৌ পিঠা ভাজিছে । তিল পিঠা, তেল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু প্ৰস্তুত কৰাত ব্যস্ত সকলো । আন একাংশ আকৌ ব্যস্ত জেতুকা খুন্দাত । এনেদৰে বিভিন্নজনে বিভিন্ন কামত ব্যস্ত হৈ বিহুটিক আদৰিবলৈ মগ্ন হৈ থকা দেখা যায় ৷
লগতে পঢ়ক: চাবুৱাত অনুষ্ঠিত হ'ল বিহু নমোৱা পৰ্ব