ETV Bharat / state

Assamese Tradional Japi : জাপি শিল্পৰে জীৱন সংগ্ৰাম বিহপুৰীয়াৰ ২৫ টা পৰিয়ালৰ

author img

By

Published : Jul 18, 2023, 1:07 PM IST

বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ ফলশ্ৰুতিত কৃষি ক্ষেত্ৰলৈ অহা পৰিৱৰ্তনেও প্ৰত্যাহ্বান জনাব পৰা নাই বিহপুৰীয়াৰ আমগুৰি গাঁৱৰ ২৫ টাকৈ পৰিয়ালক । কৃষকৰ অন্যতম প্ৰয়োজনীয় সঁজুলি জাপি যোগান ধৰি আহিছে বিহপুৰীয়াৰ আমগুৰিৰ ২৫ টাকৈ পৰিয়ালে ৷

জাপি শিল্পৰে জীৱন সংগ্ৰাম বিহপুৰীয়াৰ ২৫ টা পৰিয়ালৰ
Assamese Tradional Japi
বিহপুৰীয়াত জাপি শিল্পত ব্যস্ত ২৫ টা পৰিয়াল

বিহপুৰীয়া, ১৮ জুলাই : সময় পৰিৱৰ্তনশীল । পৰিৱৰ্তিত সময়ৰ লগে লগে সলনি হয় মানৱ জীৱনৰ বিভিন্ন পৰম্পৰাও । লগতে সলনি হয় জীৱন ধাৰণ তথা কৰ্মৰ শৈলী । কিন্তু তাৰ মাজতো বহুতেই পৰম্পৰাগত জীৱন-শৈলী অব্যাহত ৰাখিছে । লগতে সাতামপুৰুষীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈও চেষ্টা কৰি আহিছে । তাৰেই এক উদাহৰণ হৈছে বিহপুৰীয়াৰ এখন গাঁৱৰ ২৫ টাকৈ পৰিয়াল । যিকেইটা পৰিয়ালে ধৰি ৰাখিছে প্ৰজন্ম ধৰি চলি অহা জীৱন-জীৱিকাৰ পৰম্পৰা ৷

বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ ফলশ্ৰুতিত এতিয়া কৃষি ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন আহিছে ৷ কিন্তু এই পৰিৱৰ্তনেও প্ৰত্যাহ্বান জনাব পৰা নাই বিহপুৰীয়াৰ আমগুৰি গাঁৱৰ ২৫ টাকৈ পৰিয়ালক । বাৰিষাৰ বতৰত কৃষকৰ অন্যতম প্ৰয়োজনীয় সঁজুলিটোৱেই হৈছে জাপি ৷ কৃষকৰ প্ৰয়োজনীয় জাপিটো যোগান ধৰি আহিছে বিহপুৰীয়াৰ আমগুৰিৰ ২৫ টাকৈ পৰিয়ালে ৷

বছৰি সাতশৰ পৰা হাজাৰটা জাপি তৈয়াৰ কৰে গাঁওখনৰ পৰিয়ালকেইটাই । কিন্তু জাপি বিক্ৰী কৰিয়েই পৰিয়াল পোহপাল দিয়া এই পৰিয়ালকেইটাই চৰকাৰী ব্যৱস্থাৰ পৰা তিলমানো সঁহাৰি পাবলৈ সক্ষম হোৱা নাই ৷ চৰকাৰী সহায়-সহযোগিতাৰ অবিহনেই জীৱন সংগ্ৰাম অব্যাহত ৰখা এই পৰিয়ালসমূহৰ ভিতৰত অধিকাংশৰে বাসগৃহৰ অৱস্থা জৰাজীৰ্ণ ৷ আৰু এই জৰাজীৰ্ণ পৰিৱেশৰ মাজতে কৃষিৰ অবিচ্ছেদ্য অংগ জাপি তৈয়াৰ কৰিয়েই পৰিয়াল পোহপাল দিয়া এইসকল পৰিয়ালক চৰকাৰীভাৱে সহায়ৰ আহ্বান জনাইছে ।

বাৰিষাৰ বতৰত লখিমপুৰ জিলাৰ দৈনিক আৰু সপ্তাহিক বজাৰসমূহ দখল কৰিবলৈ সক্ষম হোৱা গাঁওখনৰ পৰা উৎপাদিত জাপিয়ে অধিকাংশ কৃষকৰে চাহিদা পুৰণ কৰিবলৈ সক্ষম হৈছে ৷ যিটো সময়ত অসম তথা অসমীয়াই এটা বিশেষ সম্প্ৰদায়ৰ ওপৰত নিৰ্ভৰ কৰি চলিছে বুলি চৰ্চা লাভ কৰি আছে, সেই সময়ত কিন্তু এইসকল শ্ৰমজীৱী খাতিখোৱা কৃষক পৰিয়ালৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা স্বনিৰ্ভৰশীল হোৱা বিষয়টোৱে স্বাভাৱিকতে বৰ্তমানৰ চৰ্চিত বিষয়টো অৰ্থহীন কৰি তুলিব ।

এই শিল্পত জড়িত থকা এগৰাকী ব্যক্তিয়ে অৱশ্যে সমাজৰ পৰা পোৱা অৱহেলাৰ কথাও ব্যক্ত কৰে । "একাংশই আমাক হেয়জ্ঞান কৰে, তথাপিও আমি আমাৰ কৰ্মত ব্ৰতী হৈ আছোঁ ।" হস্তশিল্পীগৰাকীৰ ভাষ্য এয়া ।

লগতে নিজৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল এইগৰাকী খাতিখোৱা ব্যক্তিৰ আত্মতুষ্টি, "বেলেগে তুচ্ছ-তাচ্ছিল্য কৰিলেও এই কাম কৰিয়েই আমি পৰিয়াল পোহপাল দি আহিছোঁ । এই বিদ্যা আমাৰ পূৰ্বপুৰুষৰ, আমি এই বিদ্যাক সন্মান জনাই এই বিদ্যাকে হাতে-কামে কৰি চলি আহিছোঁ । এসময়ত আমাৰ গাঁৱৰ সকলোৱেই এই বিদ্যাত পাকৈত আছিল ।" উল্লেখ্য যে এতিয়াও গাঁওখনৰ ২০-২৫ ঘৰ পৰিয়ালে এই কাম কৰিয়েই চলি আহিছে ৷

লগতে পঢ়ক: Erosion in Assam: নলবাৰীৰ লাৰকুছিত মথাউৰিত তীব্ৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.