নাওবৈচা, 12 ছেপ্টেম্বৰ : নীলা কৈ আকাশত বগা কৈ উৰিছে, শিঙৰাৰ বালি চাপৰিত কঁহুৱা ফুলিছে ৷ সেই কঁহুৱা হালিছে জালিছে, আমাৰ মনবোৰ ব্যাকুল হৈ পৰিছে ৷ তোমাৰ উশাহ কঁহুৱা-কোমল । তোমাৰ হাঁহি শেৱালি কোমল । বতাহত লহপহকৈ হালিলে বাজি উঠে মিঠা বাঁহী ।
শৰতৰ বতৰত প্ৰাণময় পৰিৱেশৰ মাজত ফুলি উঠা কহুৱা তুমি । কত কবি, গায়কৰ বৰ্ণময় শব্দৰ এটা মিঠা নাম এই কঁহুৱা । নিৰ্মল আকাশৰ তলত শৰৎ আহিলেই ফুলি উঠা কঁহুৱা বহুতৰে মনৰ ভাষা । সৰগৰ বুকুৰ পৰা নামি অহা যেন লগা মায়াময় শৰতক ধৰাৰ বুকুত চিনাকি কৰাইছে এতিয়া কঁহুৱা বনবোৰে ।
শৰৎ অহাৰ মিঠা স্পৰ্শক চিনাকি কৰাই হালি জালি ফুলি উঠিছে শুকুলা চাদৰ এখনিৰ দৰেই কঁহুৱা বনবোৰ ।
বছৰটোৰ এইখিনি সময়ত দিনটোৰ তেজ গোৰা বেলিয়ে জিলিঙনি মেলি দূৰৈৰ পৰা সোঁত বৈ থকা জলৰাশিয়েদি আহি নদীৰ পাৰৰ কঁহুৱাবোৰক চুমি থকাৰ দৃশ্যবোৰে একপ্ৰকাৰ প্ৰতিজনকে মোহচ্ছন্ন কৰি তুলিছে । প্ৰকৃতিৰ নান্দনিক শোভাৰে ভৰা ৰূপহী অসমৰ নৈসমূহৰ পাৰে পাৰেও কঁহুৱা ফুলাৰ দৃশ্যপট অতুলনীয়, অনন্য (Again autumn season comes) ।
লগতে পঢ়ক : নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিশা হাৰ্টথ্ৰৱ জুবিন গাৰ্গ
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ থকা বৰ লুইতৰ পাৰে পাৰে আহিন অহাৰ বতৰা লৈ ফুলি উঠা কঁহুৱা বনে অসমী আইৰ প্ৰাকৃতিক সৌন্দৰ্যক দুগুণ ৰূপেৰে সজাই তুলিছে এই সময়কণক । বানৰ বিভীষিকাৰ পাচত যেন শৰৎ অহাৰ বাতৰি পাই, শুকুলা দলিছা পাৰি দিছে প্ৰকৃতিয়ে ৷ গাইছে আনন্দৰ মধুৰ গান ৷ ঢকুৱাখনাৰ প্ৰাকৃতিক পৰিৱেশেও হাত বাউল মাতিছে এতিয়া প্ৰকৃতিপ্ৰেমীক ৷
কিশোৰৰ পৰা বৃদ্ধলৈকে কঁহুৱা বুলি ক’লে নাইবা শৰৎ বুলি ক’লে অসমীয়াৰ বুকুত হয় এক অপ্ৰতিৰুদ্ধ আকুলতা । সেয়ে লুইতৰ চাপৰিত কঁহুৱা অবিহনে শৰৎ যেন এটি আধা লিখা গীত তথা কবিতা ৷ লাস্যময়ী কঁহুৱাই বতাহত এৰি দিয়ে জীৱনৰ গান । যি সৌন্দৰ্য অনন্য অথচ স্বীকৃতিহীন ।
উলাহত নাচি থকা কঁহুৱাবোৰ নিজেই হৈ পৰে আপোন পাহৰা । নাথাকে কঁহুৱাৰ নিজৰ ঠিকনা । শৰতৰ বতাহে কহুৱাক লৈ ফুৰে উৰুৱাই । তাৰ মাজে মাজে আহে অনুভৱৰ বৰষুণ ।
লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উখল মাখল পৰিৱেশ