ETV Bharat / state

বিহপুৰীয়াৰ বিধায়ক অৰ্কমন্য-অলগদ্ধ ! কিয় কলে ছাত্র সন্থাই ? - Amiya Kumar Bhuyan

লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা এজন অৰ্কমন্য-অলগদ্ধ আৰু আছুৰ পৰা বহিস্কৃত কলংকিত দল বাগৰি ফুৰা নেতা ৷ এই মন্তব্য লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ৷

assu speech against bihpuri m l a-jiban goswami
বিহপুৰীয়াৰ বিধায়ক অৰ্কমন্য-অলগদ্ধঃ
author img

By

Published : Aug 14, 2021, 4:01 PM IST

লখিমপুৰ , 14 আগষ্ট : বিহপুৰীয়া সমষ্টিৰ (Bihpuriya Constituency) বিধায়ক অৰ্কমন্য-অলগদ্ধ । আছুৰ পৰা বহিস্কৃত কলংকিত দল বাগৰি ফুৰা নেতা । বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ (Amiya Kumar Bhuyan) বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰি শুকুৰবাৰে আছুৱে তেওঁক আছুৰ বিষয়ে মন্তব্য নিদিবলৈ সকিয়নী দিয়ে । উল্লেখ্য যে, এদিন পুৰ্বে বিধায়ক ভূঞাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত আছুৰ সহমত আছে বুলি বক্তব্য ৰখাৰ বাবেই জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থা ।

শুকুৰবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই শ্বহীদ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি বিধায়ক গৰাকীক তুলা ধুনা দি আছুৰ (AASU) সন্দৰ্ভত বক্তব্য নিদিবলৈ তেওঁক সকিয়াই দিয়ে । আছুৱে বৃহৎ বান্ধৰ পৰিৱৰ্তে বহুমূখী বান্ধৰ পোষকতা কৰে আৰু বৃহৎ বান্ধৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা 70 টা জনগোষ্ঠীয় সংগঠনক লৈ প্ৰতিবাদ কৰি আহিছে বুলি স্পষ্ট কৰি দিয়ে ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন, আছুৰ স্থিতি সম্পৰ্কে বিধায়কগৰাকীৰ জ্ঞান নাই বুলিও আছুৰ নেতৃত্বই ধিক্কাৰ দিয়ে।

নিৰ্বাচনৰ পূৰ্বে ৰাজনাথ সিং, নৰেন্দ্ৰ মোডীয়ে ভোট লাভৰ স্বাৰ্থত বৃহৎ বান্ধৰ বিৰুদ্ধে বক্তব্য ৰাখি জন সমৰ্থন আদায় কৰি পাছত ওলোটাই বান্ধ নিৰ্মাণত উঠিপৰি লগাৰ বিষয়ে উল্লেখ কৰি সমালোচনা মুখৰ হৈ পৰে আছুৰ নেতৃত্ব । সংবাদমেল খনত আছুৰ কেন্দ্ৰীয় কমিটীৰ সাংগঠনিক সম্পাদক পুলক বৰা, কাৰ্যনিৰ্বাহক ধনমনি দত্ত, জিলা ছাত্ৰ সন্থাৰ সভাপতি ফৰিদুৰ ৰহমান, সম্পাদক সীমান্ত নেওগৰ লগতে মহকুমা আৰু আঞ্চলিক সমিতিৰ শৰৎ বৰুৱা, পিংকু বৰদলৈ, পুনম জ্যোতি বুঢ়াগোহাঁই আদিয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.