বিহপুৰীয়া, 14 ডিচেম্বৰ : এতিয়া আৰু দৃষ্টিহীন দিব্যাংগসকলৰ চলা-ফুৰা কৰিবলৈ চিন্তা নাই । কাৰণ এজন প্ৰতিভাৱান যুৱকে দিব্যাংগসকলৰ বাবে সাজি উলিয়াইছে এটি বিশেষ যন্ত্ৰ । যাৰ সহায়ত দিব্যাংগসকলে আনৰ সহায় নোলোৱাকৈ অনায়াসে কৰিব পাৰিব চলা-ফুৰা ৷
লখিমপুৰ জিলাৰ ধলপুৰৰ যুৱক জ্ঞানোৎজ্বল বৰশইকীয়াই দৃষ্টিহীন লোকসকলৰ বাবে উদ্ভাৱন কৰি উলিয়াইছে এযোৰ বিশেষ চশমা (Assam youth invented special spectacle) ৷ বিশেষভাৱে নিৰ্মিত চশমাযোৰত নিজা উদ্ভাৱনী প্ৰচেষ্টাৰ জড়িয়তে এনেদৰে নিৰ্মাণ কৰিছে যে, ছশমাযোৰত সংলগ্ন থকা এটা বিশেষ যন্ত্ৰই সন্মুখৰ যিকোনো বস্তুৰ আগতিয়াকৈ সংকেত প্ৰদান কৰিব ৷ যাৰ সহায়ত খুন্দা খোৱা বা আন দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব দিব্যাংগসকল ।
ইয়াৰ পূৰ্বেও লকডাউনৰ সময়চোৱাত যুৱকজনে সাজি উলিয়াইছিল এটি স্বয়ংক্ৰিয় চেনিটাইজাৰ ৰবট আৰু মহিলাৰ আত্ম-সুৰক্ষাৰ বাবে এযোৰ হাতমোজা (Special gloves for women) । তাৰ পাছতেই সাজি উলিয়ালে এই বিশেষ চশমাযোৰ ।
ইতিমধ্যে যুৱকজনে এই উদ্ভাৱনী শক্তিৰ বাবে এচিয়া বুক অব্ ৰেকৰ্ড, ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডচত আৰু অসম বুক অব্ ৰেকৰ্ডচত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি উদ্ভাৱনী শক্তিৰ বাবেই গ্ৰেণ্ডমাষ্টাৰ সন্মানেৰে বিভূষিত হৈছে যুৱকজন ৷
নিশ্চিতভাৱে লখিমপুৰৰ বিশেষ যুৱকজনৰ এই উদ্ভাৱনে এতিয়া দৃষ্টিহীন দিব্যাংগসকললৈ আশাৰ সঞ্চাৰ কৰিছে । যদিহে যুৱকজনৰ ওপৰত চৰকাৰৰ কৃপাদৃষ্টি পৰে, দেশ আৰু দহৰ বাবে কণাৰ লাখুটি হৈ উঠিব পাৰে লখিমপুৰৰ নাৰায়ণপুৰৰ এইগৰাকী যুৱক ৷ যুৱকজনৰো চৰকাৰলৈ আহ্বান, অধিক হাৰত এই চশমাযোৰ নিৰ্মাণ কৰি দিব্যাংগসকলৰ মাজত বিতৰণ কৰাৰ ।
লগতে পঢ়ক: India's Harnaaz Sandhu Crowned Miss Universe 2021: তৃতীয় বাৰৰ বাবে ভাৰতলৈ মিছ ইউনিভাৰ্ছৰ খিতাপ