ETV Bharat / state

বিদ্যুৎ পৰিষদক পৰাস্ত কৰি চেম্পিয়ন অসম পুলিচ - বিধায়ক মানৱ ডেকা

দেওবাৰে লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন অনুষ্ঠিত হয় ৷ তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা মেচখনত 3-1 গ’লত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে অসম পুলিচে ৷

Lakhimpur challenge football Tournament
বিদ্যুৎ পৰিষদক পৰাস্ত কৰি চেম্পিয়ন অসম পুলিচ
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 9:26 AM IST

বিদ্যুৎ পৰিষদক পৰাস্ত কৰি চেম্পিয়ন অসম পুলিচ

লখিমপুৰ, 4 ডিচেম্বৰ : কেৱল চোৰ, ডকাইত বা সমাজ বিৰোধী চক্ৰৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰি দমন কৰাতে সীমাবদ্ধ নাই অসম পুলিচ ৷ ক্ৰীড়াংগনতো দুৰ্দান্ত যুঁজেৰে প্ৰতিদ্বন্দীক পৰাভূত কৰাত পাকৈত অসম পুলিচ ৷ অসম ফুটবল সন্থাৰ তত্বাৱধানত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু নকাৰী ক্লাৱৰ সহযোগত অনুষ্ঠিত প্ৰয়াত গোবিন্দ মোহন ডেকা আৰু প্ৰয়াত শৈলেন্দ্ৰ নাথ চেলেং সোঁৱৰণি লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন দেওবাৰে অনুষ্ঠিত হয় ৷

লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিশা অনুষ্ঠিত হোৱা মেচখন অসম পুলিচ ফুটবল দল আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ফুটবল দলৰ মাজত অনুষ্ঠিত হয় ৷ তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা মেচখনত 3-1 গ’লত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে অসম পুলিচে ৷

মেচখনত অসম পুলিচৰ হৈ প্ৰথমটো গ’ল দিয়ে ৰাকেশ দাসে ৷ 62 মিনিটত পিংকুল বসুমতাৰীয়ে দ্বিতীয়টো গ’ল আৰু বিশাল গুৰুঙে ৮৫ মিনিটত তৃতীয়টো গ’ল দিয়াৰ লগে লগে বিজয় নিশ্চিত কৰে অসম পুলিচে দলটোৱে ৷ আনহাতে, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলৰ হৈ একমাত্ৰ গ’লটো দিয়ে জম্বলা বহ্মই ৷

ইফালে, চুড়ান্ত মেচখনত অতিথি হিচাপে উপস্থিত থাকে অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, বিধায়ক মানৱ ডেকা, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । অতি উত্তেজনাপূৰ্ণ মেচখন উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ ফাইনেল মেচখন পৰিচালনা কৰে অসম ফুটবল সন্থাৰ খেল পৰিচালক ভাস্কৰ চাবুকধাৰা, দীপাংকৰ ঢেকিয়াল ফুকন, আব্দুল মজিদ চৌধুৰী আৰু লাকী ৰঞ্জন বৰুৱাই ৷

লগতে পঢ়ক : লখিমপুৰৰ জহিঙত অগ্নিকাণ্ডৰ ঘটনা, দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.