লখিমপুৰ, 29 মে’: লখিমপুৰত ফেনে-ফুটুকাৰে বাঢ়ি অহা ৰঙানদীৰ পানী কমিছে যদিও বানৰ পিছত বিলাই-বিপত্তিয়ে দেখা দিছে লখিমপুৰবাসীৰ মাজত । বাৰিষাৰ প্ৰথমটো বানে বাৰুকৈয়ে জুৰুলা কৰিছে আমতল, বনগাঁও, মলুৱালৰ নৈপৰীয়া ৰাইজক । নৈৰ পলসে পুতি পেলাইছে লখিমপুৰীয়া ৰাইজৰ ঘৰ-বাৰী ৷
গাঁৱৰ প্ৰতিটো ঘৰৰ ভিতৰত এতিয়া একাঠু বোকা ৷ পানী বাঢ়ি অহা লগে লগে ওখ ঠাইলৈ ঢাপলি মেলাৰ পিছত এতিয়া নিজৰ ঘৰখনলৈ উভতি আহি বিমোৰত পৰিছে লখিমপুৰবাসী । বানে তিয়াই পেলোৱা সকলো সামগ্ৰী ধুই পুনৰ জীৱন সংগ্ৰাম আৰম্ভ কৰিছে ৰাইজে ।