ETV Bharat / state

Majuli Boat Tragedy: ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চৰকাৰী চাকৰি

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চৰকাৰী চাকৰি (Government job for wife of Indreshwar Bora) । ৰূপৰেখা সেনাপতি বৰালৈ অসম চৰকাৰে আগবঢ়াইছে শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি । চৰকাৰৰ এই সিদ্ধান্তত আনন্দিত ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়াল ।

author img

By

Published : Dec 11, 2021, 8:41 PM IST

Nimatighat Ferry accident
ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চৰকাৰী চাকৰি

নাওবৈচা,১১ ডিচেম্বৰ: যোৱা ৮ ছেপ্টেম্বৰত সমগ্ৰ অসম কঁপাই যোৱা মাজুলী নিমাতিঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত (Majuli boat tragedy) মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ লোকজনে । ইন্দ্ৰেশ্বৰ বৰাৰ মৃত্যুৰ পাছতে তেওঁৰ ঘৰখনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল । কিন্তু আজি সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে । কাৰণ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক চৰকাৰে শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Government job for wife of Indreshwar Bora)।

উল্লেখ্য যে নাও দুৰ্ঘটনাটোত আন যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ । তাৰ পাছতে ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত আনন্দিত হৈছে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা সেনাপতি বৰা । মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ৰূপৰেখা সেনাপতি বৰাই । ইফালে নিমাতি-মাজুলী দলং সম্পূৰ্ণ হ'লেহে তেওঁৰ স্বামীৰ আত্মাই শান্তি পাব বুলিও উল্লেখ কৰে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীয়ে । আনহাতে প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে ইন্দ্ৰেশ্বৰ বৰাৰ পিতৃয়েও মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Assam Cabinet decisions : কেবিনেটৰ 10 টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.