লখিমপুৰ, 6 এপ্ৰিলঃ শুকুৰবাৰে লখিমপুৰ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক নিৰ্বাচনী প্ৰচাৰৰ বাবে যাওতে আক্ৰমণ কৰা পাচঁজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এই পাঁচজন লোকে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ওপৰত জোনাই সমষ্টিৰ দুটাকৈ স্থানত আক্ৰমণ কৰাৰ উপৰিও ৰিগবি নামৰ স্থানত শিলগুটি নিক্ষেপ কৰিছিল ৷ কংগ্ৰেছ দলৰ এজাহাৰৰ ভিত্তিত ধেমাজি আৰক্ষী অধীক্ষকৰ তৎপৰতাত পাঁচোজনক আটক কৰা হয় যদিও এজন এতিয়াও পলাতক অৱস্থাত ৷এই ঘটনাৰ সৈতে জড়িত লোককেইজন হৈছে মূল অভিযুক্ত মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ তথা গণশক্তি দলৰ নিৰ্বাচিত প্ৰতিনিধি কনক দলে, গনশক্তিৰ নেতা সত্যজিৎ চুংক্ৰাং, লিখন মৰাং, লুইছ পেগু আৰু ৰাজু টাইড ৷
ইপিনে, সমগ্ৰ ঘটনাৰ পাচতেই জিলাখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ নিৰ্বাচনৰ প্ৰাকমহূৰ্ত যাতে কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত নহয় তাৰ বাবে তৎপৰ হৈ উঠিছে লখিমপুৰ আৰক্ষী ৷