ETV Bharat / state

Bhumi Pujan of Ghunasuti Bridge: ঘুনাসুতি সংযোগী দলঙৰ ভূমি পূজনক লৈ আনন্দিত লখিমপুৰবাসী

author img

By

Published : Dec 7, 2022, 9:13 PM IST

১৮ ডিচেম্বৰৰ দিনটো হ’ব লখিমপুৰৰ বাবে ঐতিহাসিক দিন(Historic day for Lakhimpur) ৷ স্বাধীনতাৰ ৭৫ বছৰৰ পাছত কেইবাটাও নতুন প্ৰকল্পই জিলিকাই তুলিব জিলাখনক । অসম মালা আঁচনিৰ অধীনত উক্ত দিনা লখিমপুৰত ঘুনাসুতি দলং নিৰ্মাণৰ বাবে 'ভূমি পূজন' কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Bhumi Pujan of Ghunasuti Bridge
ঘুনাসুতি সংযোগী দলঙৰ ভূমি পূজনক লৈ আনন্দিত লখিমপুৰবাসী

লখিমপুৰ, ৭ ডিচেম্বৰ: লখিমপুৰ জিলাক যুগান্তকাৰী পৰিৱৰ্তনৰ দিশে আগুৱাই নিছে অসম মালা আঁচনিয়ে(Assam Mala Scheme) । এসময়ত কলীয়াপানী আখ্যা পোৱা দুৰ্গম লখিমপুৰ জিলা আছিল চৰকাৰী কৰ্মচাৰীৰ শাস্তিমূলক বদলিৰ স্থান । কালক্ৰমত উন্নয়নৰ পৰশ পোৱা লখিমপুৰ জিলা তেনে অপযশৰ পৰা বহুলাংশে মুক্তি পালেও এতিয়াও বহু অঞ্চললৈ যাতায়ত ব্যৱস্থা দুৰ্গম হৈয়েই আছে । আনহে নালাগে জিলাখনৰ দ্বিতীয়খন মহকুমা ঢকুৱাখনালৈ পোনপটীয়া সংযোগ ব্যৱস্থা অতি দুৰ্গম । মাজত থকা ঐতিহাসিক ঘুনাসুতিৰ সংযোগ ব্যৱস্থাও তথৈবচ ৷ দুই তিনিটা ঘাট নাৱেৰে পাৰ হোৱাৰ পাছতহে ঘুনাসুতিত ভৰি থ’ব পাৰি ।

তেনেদৰে মাজত মাথো ব্ৰহ্মপুত্ৰ নদীয়ে পৃথক কৰি ৰখা লখিমপুৰৰ সমীপৰ মাজুলী জিলালৈ সংযোগ ব্যবস্থাও অতি কষ্টদায়ক । কেইবাটাও ঘাট পাৰ হৈ হে মাজুলী লৈ যাব পাৰি । পিছে যাতায়তৰ ক্ষেত্রৰ এনে চৰম দুৰৱস্থা অচিৰেই ওৰ পৰিব । কিয়নো অসম মালা আঁচনিয়ে জিলাখনৰ পৰা ঢকুৱাখনা অথবা দাঁতি কাষৰীয়া জিলা মাজুলীলৈ যাতায়ত ব্যৱস্থা সুচল কৰাৰ দিশে আগুৱাই নিছে । সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা ৫৫৩ কোটি টকীয়া দলঙখনে ঘুনাসুতি, ঢকুৱাখনাৰ পৰা মাজুলীলৈ পোনপটীয়া সংযোগ কৰিব ।

Bhumi Pujan of Ghunasuti Bridge
১৮ ডিচেম্বৰত হ’ব ঘুনাসুতি সংযোগী দলঙৰ ভূমি পূজন

আনহাতে অসম মালা আঁচনিৰ অধীনতে ২০২০-২০২১ বৰ্ষৰ অনুদানেৰে চেলেক-ধুনাগুৰিত ক্ৰমে ১.৩০ কিলোমিটাৰ আৰু চাৰিশ মিটাৰ দৈৰ্ঘৰ দুখন দলং নিৰ্মাণকাৰ্য আৰম্ভ হৈছে । এই দুখন দলঙে লখিমপুৰৰ পৰা মাজুলীক পোনপটীয়াকৈ সংযোগ কৰিব । ঘুনাসুতি সংযোগী দলঙৰ ভূমি পূজনেৰে অহা ১৮ ডিচেম্বৰত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীগৰাকীয়ে সেইদিনাই নৱনিৰ্মিত বাইপাচটো মুকলি কৰাৰ উপৰি নগৰ এলেকাৰ নকাড়ী ৰেলৱে ক্ৰচিঙত এখন উৰণীয়া সেতুৰো আধাৰশিলা স্থাপন কৰিব(Three projects in Lakhimpur) ।

অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এই দলংকেইখনে কেৱল ঢকুৱাখনা, ঘুনাসুতি অথবা মাজুলীক পোনপটীয়াকৈ সংযোগ কৰাৰ উপৰি সেইপথৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ উন্নয়নটো গুৰুত্বপূর্ণ ভূমিকা ল’ব । যাৰ বাবে লখিমপুৰ জিলাৰ যাতায়াত ব্যৱস্থা অথবা উন্নয়নৰ দিশত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ’ব । স্বাধীনতাৰ পাছৰে পৰা ৰাইজৰ দাবী স্বত্বেও কোনোদিনে নিৰ্মাণ নকৰা এই দলংকেইখন জিলাখনৰ বাবে আশীর্বাদ স্বৰূপ হৈ উঠিব । এনে সম্ভাৱনা দেখি ৰাইজে এতিয়া অসম মালা আঁচনি লখিমপুৰৰ বাবে আশীর্বাদ হ’ব বুলি মন্তব্য কৰিছে ।

লগতে পঢ়ক: School Education Department : ৰাজ্যৰ 196 বিদ্যালয়লৈ অত্যাধুনিক কেলকুলেটৰ বিতৰণ শিক্ষা বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.