লখিমপুৰ, 17 জুলাই : ৰাজ্যত শেহতীয়াকৈ অসম চৰকাৰে আনা গো-সংৰক্ষণ বিধেয়ক (cattle preservation bill) খনক লৈ তুমুল চৰ্চা অব্যাহত আছে ৷ বিধেয়কখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন জনে মত পোষণ কৰিছে ৷ শাসক-বিৰোধীয়েও বিভিন্ন যুক্তি দিয়া দেখা গৈছে ৷ তাৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খ্ৰীষ্টান (Christians) সমাজৰ নেতৃত্বই । খ্ৰীষ্টান কমিউনিটিৰ ৰাজ্যিক অধ্যক্ষ নাৰায়ণ শইকীয়াই বিধেয়ক খনক আদৰণি জনাই কয় যে, ‘বিধেয়কখনক উগ্ৰ হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ দিশত ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে প্ৰতিবাদ কৰা হ’ব । শংকৰ আজানৰ দেশ অসমত উগ্ৰ ধৰ্মীয়বাদৰ স্থান নাই ৷ অসমত সকলোৱে সৰ্বধৰ্ম সমভাৱেৰে সহবাস কৰি আহিছে ।’
তেনেস্থলত গো-সংৰক্ষণ বিধেয়কৰ (cattle preservation bill) গইনা লৈ উগ্ৰ হিন্দুত্ববাদ সংস্থাপনৰ প্ৰয়াস কৰিলে তাক প্ৰতিবাদ জনোৱা হ’ব বুলি কয় খ্ৰীষ্টান (Christians) কমিউনিটিৰ ৰাজ্যিক অধ্যক্ষগৰাকীয়ে । তেওঁ লগতে কয়, খ্ৰীষ্টান সমাজক গো-ভক্ষণ কৰাৰ বিষয়ক লৈ বহু সময়ত অনাহকত তাচ্ছিল্য কৰা হয় ৷ খ্ৰীষ্টান সকলৰ ধৰ্মগ্ৰন্থ বাইবেলত কতো গো-ভক্ষণ কৰাৰ কথা উল্লেখ কৰা নাই । এনে ক্ষেত্ৰত খ্ৰীষ্টান সকলক তাচ্ছিল্য নকৰিবলৈও তেওঁ সকীয়াই দিয়ে ।
আনহাতে, কেৱল গো-সংৰক্ষণ বিধেয়ক আনি ৰাজনৈতিক ক্ষেত্ৰত ব্যবহাৰ কৰাৰ সলনি ইজৰাইলৰ নিচিনাকৈ সংৰক্ষণ, উৎপাদন আৰু স্বাৱলম্বনৰ দিশত ব্যৱহাৰ কৰিবলৈ তেওঁ চৰকাৰক দাবী জনোৱা দেখা যায় ।
উল্লেখযোগ্য যে, অসমৰ মাজেৰে গৰুৰ সৰবৰাহ বন্ধই অন্যান্য উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য ক্ৰমে মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা আছে ৷ কাৰণ অসম কেৱল উৎসই নহয়, ই অন্য ৰাজ্যলৈ গৰু সৰবৰাহৰ ট্ৰানজিট ৰুট (Transit route) ৷ অৱশ্যে এই বিধেয়কখন সন্দৰ্ভত মিজোৰাম, নাগালেণ্ডৰ দৰে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যই এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে, অসম এই বিধেয়কে মেঘালয়ৰ অৰ্থনীতিত প্ৰভাৱ পেলালে তেওঁলোকে এইক্ষেত্ৰত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিব ৷ বিধানসভাৰ মজিয়াত উত্থাপিত এই বিধেয়কখন বিৰোধী দল কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফে (AIUDF) বিৰোধিতা কৰিছে ৷ তাৰ সমান্তৰালকৈ নাগালেণ্ড কংগ্ৰেছেও এই বিধেয়কে সমগ্ৰ উত্তৰ-পূৱৰ সহজাত বাণিজ্য আৰু খাদ্যাভাষৰ প্ৰতি ভাবুকি আনিব বুলি মন্তব্য কৰিছে ৷ বিধেয়কখন সন্দৰ্ভত মন্তব্য কৰি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কে থেৰীয়ে কয়, "ই শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি ভাবুকি ৷ এই বিধেয়কখন ভাৰতৰ গো-সংৰক্ষণ বিধেয়কৰ অনুকৰণ ৷ যিহেতু আমি মূল ভূ-খণ্ডৰ সৈতে মিলিবলৈ আমাৰ খাদ্যাভাস আৰু সংস্কৃতি সলনি কৰিব নোৱাৰো, গতিকে আমি সহনশীল হোৱা জৰুৰী ৷"
তেওঁ লগতে কয়, "অসমৰ নিজৰ বাবে আইন প্ৰণয়ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু চৰকাৰখনে পাহৰি যোৱা উচিত নহয় যে আমি ঐক্যৰাজ্য আৰু আমি অৰ্থনৈতিকভাৱে এখনে আনখনৰ ওপৰত নিৰ্ভৰশীল ৷ "