ETV Bharat / state

AYM protest in Lakhimpur : লখিমপুৰত অৰ্ধ উলংগ হৈ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

author img

By

Published : May 30, 2023, 3:41 PM IST

নৱম আৰু দশম শ্ৰেণীৰ দুটা মূল বিষয়ত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত পাঠদান কৰিবলৈ লৈছে বিদ্যালয় কৰ্তৃপক্ষই ৷ শিক্ষাৰ্থীৰ ভৱিষ্যত লৈ এতিয়া শংকিত হৈ পৰিছে লখিমপুৰ নগৰৰৰ অসমীয়া যুৱ মঞ্চ ৷ সেয়ে মঙলবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে লখিমপুৰ নগৰৰৰ অসমীয়া যুৱ মঞ্চই অৰ্ধ উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদ (AYM protest in Lakhimpur)৷

Asomiya Yuva Mancha protest in Lakhimpur
প্ৰতিবাদমুখৰ হৈ পৰিল লখিমপুৰ নগৰ
প্ৰতিবাদমুখৰ হৈ পৰিল লখিমপুৰ নগৰ

লখিমপুৰ, ৩০ মে’ : হঠাৎ প্ৰতিবাদমুখৰ হৈ পৰিল লখিমপুৰ নগৰ (Protest in Lakhimpur) ৷ নৱম আৰু দশম শ্ৰেণীৰ দুটা মূল বিষয় মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম কৰাত খৰ্গগ্ৰস্ত হৈ পৰিছে অসমীয়া যুৱ মঞ্চ ৷ ৰাজ্যৰ শিক্ষা বিভাগৰ এনে কৰ্মৰ বিৰোধিতাৰে মঙলবাৰে লখিমপুৰ নগৰৰ কমলাবাৰী পথত অসমীয়া যুৱ মঞ্চৰ নগৰ সমিতিয়ে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে (Asomiya Yuva Mancha protest in Lakhimpur) ।

মাতৃভাষাৰ ওপৰত ষড়যন্ত্র সহ্য কৰা নহ’ব, বিজেপি চৰকাৰ লেই লেই চেই চেই, শিক্ষা বিভাগ কাম নাই, শিক্ষামন্ত্রী ৰণোজ পেগু ৱাক থু, ৰণোজ পেগুৰ কাম নাই আদি শ্ল’গান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । অসমীয়া যুৱ মঞ্চৰ কেইবাজনো নেতাই অংশগ্রহণ কৰা এই প্ৰতিবাদথলীৰ পৰা দিপাংকৰ নাথে শিক্ষামন্ত্রী ৰণোজ পেগুক জাতিদ্ৰোহী বুলিও আখ্যা দিয়ে । তেওঁ শিক্ষামন্ত্রী ৰণোজ পেগু কয়, ‘‘অসমীয়া ভাষাৰ ওপৰত ষড়যন্ত্র নকৰিব । অসমীয়া ভাষাৰ ওপৰত কৰা এনে ষড়যন্ত্র সহ্য কৰা নহ’ব’’ ।

লগতে পঢ়ক : AYM Protest in Lakhimpur : জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ

আনহাতে, এই প্ৰতিবাদস্থলীতেই আন এগৰাকী প্ৰতিবাদকাৰীয়ে ৰণোজ পেগুক চোকা সমালোচনা কৰি কয়, ‘‘ৰণোজ পেগু ব্যৰ্থ মন্ত্রী । অকামিলা ৰণোজ পেগুৰ নেতৃত্বত অসমীয়া ভাষাটো সুৰক্ষিত নহয় । বিদ্যালয়ৰ শ্ৰেণীৰ পৰা দুটা বিষয়ত অসমীয়া ভাষা উঠাই দিয়াটো সহ্য কৰা নহ’ব । যি সময়ত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত দেশৰ বিভিন্ন প্ৰান্তত নিজ নিজ ভাষাসমূহ প্ৰচলনত গুৰুত্ব আৰোপ কৰা হৈছে, সেই সময়ত অসমত অসমীয়া ভাষাক বিপন্ন কৰিব খোজা হৈছে’’ ।

লগতে অসমীয়া ভাষাৰ ওপৰত চলা এনে ষড়যন্ত্র বন্ধ নকৰিলে অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন ডেকাই ভাষাৰ বাবে শ্বহীদ হ’বলৈ কুণ্ঠাবোধ নকৰে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে ৷ আনকি প্ৰয়োজন হ’লে আনাগত সময়ত শিক্ষামন্ত্রী ৰণোজ পেগুৰ ঘৰ ঘেৰাও কৰিব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Eviction in Orang national park:দৰং জিলাত প্ৰায় ১০,০০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.