ETV Bharat / state

Namrup BVFCL: নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদ ঘোষণা অসমীয়া যুৱ মঞ্চৰ

এলানি প্ৰতিবাদী কাৰ্যসূচীৰে সমগ্ৰ ৰাজ্য কঁপাব অসমীয়া যুৱ মঞ্চই ৷ নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাত ধাৰাবাহিকভাৱে সাব্যস্ত কৰিব প্ৰতিবাদ ৷ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে এই কথা ৷

Namrup BVFCL
Namrup BVFCL
author img

By

Published : Jul 27, 2023, 4:52 PM IST

নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা

লখিমপুৰ, ২৬ জুলাই: নামৰূপ সাৰ কাৰাখানা বন্ধৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা অসমীয়া যুৱ মঞ্চৰ ৷ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ আৰু সচিব প্ৰধান অনুপম শইকীয়াই এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰিছে ৷

Namrup BVFCL
নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদ ঘোষণা

মঞ্চই কয় যে তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই আধাৰশিলা স্থাপন কৰা আৰু ১৯৬৬ চনৰ ১ জানুৱাৰীত আৰম্ভ হোৱা নামৰূপৰ সাৰ কাৰাখানা বন্ধ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে লোকসভাৰ অধিৱেশনত অৱগত কৰিছে ৷

এই সিদ্ধান্তৰ বিৰোধিতা কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে এক ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে । ঘোষিত কাৰ্যসূচী মতে পহিলা আগষ্টত লখিমপুৰত কেন্দ্ৰীয় ভিত্তিত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ’ব ।

পাঁচ আগষ্ট তাৰিখে শিৱসাৰত ৩ ঘন্টীয়া অৱস্থানৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব ৷ তিনি আৰু সাত আগষ্টত যোৰহাট জিলাৰ সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰা হ’ব । আঠ আগষ্টত গোলাঘাটত অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । ৯ আগষ্টত তিনিচুকীয়া জিলাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷

একেদৰে ছয় আৰু দহ আগষ্টত নামৰূপ BVFCL ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ৷ আনহাতে ১১ তাৰিখে বৰপেটা জিলাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ৷

ইয়াৰোপৰি পৰৱৰ্তী সময়ত বাকীসমূহ জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে কেন্দ্ৰীয় ভিত্তিত গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি অসমীয়া যুৱ মঞ্চই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: MLA Tarang Gogoi: নামৰূপ সাৰকাৰখানা বন্ধ নহয়; স্পষ্টীকৰণ বিধায়ক তৰংগ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.