ETV Bharat / state

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ - ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন

অসম সাহিত্য সভাৰ শতদল শাখাৰ স্বীকৃতি প্ৰাপ্ত নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ আমন্ত্ৰণমৰ্মে আগন্তুক ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনৰ ওপৰত বুধবাৰে এক সংবাদমেল আয়োজন কৰি প্ৰস্তুতি সমিতিয়ে জানিবলৈ দিয়ে এই কথা ।

অসম সাহিত্য সভা অধিৱেশন
অসম সাহিত্য সভা অধিৱেশন
author img

By

Published : Feb 4, 2021, 10:10 AM IST

বিহপুৰীয়া, ৪ ফেব্ৰুৱাৰী: ২০২২ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভা অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণগতিত আৰম্ভ হৈছে । অসম সাহিত্য সভাৰ শতদল শাখাৰ স্বীকৃতি প্ৰাপ্ত নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ আমন্ত্ৰণমৰ্মে আগন্তুক ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনৰ ওপৰত বুধবাৰে এক সংবাদমেল আয়োজন কৰি প্ৰস্তুতি সমিতিয়ে এই কথা জানিবলৈ দিয়ে । অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা দেশখনৰ লগতে ৰাজ্যৰ পাঁচশগৰাকী বিশিষ্ট অতিথি আৰু তিনি হেজাৰ গৰাকী প্ৰতিনিধিক ৰাখিব পৰাকৈ নাৰায়ণপুৰ নগৰৰ বিভিন্ন স্থানত অতিথিশালাৰ সুব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০১৮-২০ কাৰ্যবৰ্ষৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাই আৰু অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ প্ৰতিনিধি সভাই অনুমোদন সাপেক্ষে বাৰ-বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰত ২০২২ বৰ্ষৰ পূৰ্ণাংগ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অতিমাৰীৰ বাবে অধিৱেশনৰ প্ৰাৰম্ভিক কাম-কাজ স্থবিৰ হৈ পৰিছিল যদিও শেহতীয়াকৈ যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা প্ৰতিনিধিমূলক ৰাজহুৱা সভাই প্ৰাক-প্ৰস্তুতি সমিতি গঠন কৰাৰ পিছত অধিৱেশনৰ প্ৰস্তুতি দ্ৰুতগতিত আগবঢ়োৱা হৈছে ।

ইতিমধ্যে নাৰায়ণপুৰ নগৰৰ ৩নং ৱাৰ্ডৰ বৰখামটি পথাৰৰ ৭৩৬ বিঘা ভূমিত প্ৰস্তাৱিত অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ ক্ষেত্ৰৰ মানচিত্ৰ তৈয়াৰ কৰি বুধবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । অহা মাৰ্চ মাহৰ ভিতৰতে আদৰণি সমিতি গঠন কৰা হ'ব বুলিও সংবাদমেলত প্ৰস্তুতি সমিতিয়ে অৱগত কৰে ।

এই সংবাদমেলত প্ৰস্তুতি সমিতিৰ সভাপতি যোগেন্দ্ৰনাথ শইকীয়া,সম্পাদক উপেন হাজৰিকা,মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ঈশ্বৰ শৰ্মা ভৰালী, নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সত্যজিত দত্ত,নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰ হাজৰিকা,লখিমপুৰ জিলা সাহিত্য সভাৰ মুখপাত্ৰ কুমুদ শইকীয়া, প্ৰস্তুতি সমিতিৰ সদস্য ক্ৰমে শোভন চন্দ্ৰ কাকতি, জিতু বৰুৱা,ঘন হাজৰিকা, প্ৰবীণ কুমাৰ শইকীয়া আৰু দ্ৰোণ কাকতি উপস্থিত থাকে ।

লগতে পঢ়ক:উচ্ছেদৰ জাননীক লৈ বড়োভূমিত 8 সংগঠনৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.