ETV Bharat / state

২১ৰ নিৰ্বাচনত সকলো আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ'ব : অচ্যুৎ শইকীয়া - আঞ্চলিক শক্তি একত্ৰিত

নাৰায়ণপুৰত অসম জাতীয় পৰিষদৰ সভাত শতাধিক লোকৰ যোগদান । ২১ৰ নিৰ্বাচনত সকলো আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ'ব বুলি স্পষ্ট কৰি দিলে অসম জাতীয় পৰিষদৰ অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই ।

নাৰায়ণপুৰত অসম জাতীয় পৰিষদৰ সভাত শতাধিক লোকৰ যোগদান

author img

By

Published : Dec 31, 2020, 6:24 PM IST

বিহপুৰীয়া, ৩১ ডিচেম্বৰ : ২০২১ৰ বিধানসভা নিৰ্বাচনত আন আঞ্চলিকতাবাদী দলৰ সৈতে একগোট হৈ শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ পৰিকল্পনা কৰিছে অসম জাতীয় পৰিষদে । বৃহস্পতিবাৰে নাৰায়ণপুৰৰ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই কয় যে, সকলো আঞ্চলিক শক্তি একত্ৰিত হৈ কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে থিয় দিব ৷ সভাখনত দলটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য গোলাপ শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ।

নাৰায়ণপুৰত অসম জাতীয় পৰিষদৰ সভাত শতাধিক লোকৰ যোগদান

উল্লেখ্য যে, উক্ত সভাতে নাৰায়ণপুৰৰ জামুগুৰি আৰু দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে ৷ সভাৰ অন্তত অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে, কেৱল ৰাইজৰ দলেই নহয়, আঞ্চলিকতাবাদত বিশ্বাসী সৰু-বৰ সকলো আঞ্চলিক শক্তি একত্ৰিত হৈ ২১ৰ বিধানসভা নিৰ্বাচনত যুঁজ দিব অসম জাতীয় পৰিষদে ৷ ইতিমধ্যে প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে ৷

লগতে পঢ়ক:শোণিতপুৰ জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.