নাওবৈচা, 11 জুনঃ প্ৰাপ্য দৰমহা বিচাৰি নাওবৈচাস্থিত বিশ্বনাথ অশোক অটোত ১৪৪ জন কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট ৷ দীৰ্ঘদিনে অসংখ্য সমস্যাৰে জৰ্জৰিত হৈ আছে লখিমপুৰ জিলাৰ নাওবৈচাৰ মাজমজিয়াত অৱস্থিত বৃহৎ গাড়ী বিক্ৰী প্ৰতিষ্ঠান বিশ্বনাথ অশোক অটো মটৰচ ৷ মালিকপক্ষৰ বঞ্চনা,শোষণ,প্ৰতাৰণাই চৰম সীমা অতিক্ৰম কৰাত উপায়হীন হৈ বহস্পতিবাৰে প্ৰতিষ্ঠানটোত কৰ্মৰত ১৪৪ জন কৰ্মচাৰীয়ে নিজ নিজ প্ৰাপ্য দৰমহা বিচাৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ বিশ্বনাথ অশোক অটো মটৰচৰ মালিকে প্ৰতিষ্ঠান কৰ্মৰত কৰ্মচাৰী সকলক দীৰ্ঘদিনৰ পৰা ন্যূনতম দৰমহা দি অহাৰ লগতে লক ডাউনৰ সমছোৱাটো ২০% দৰমহা দি শোষণ কৰি অহাৰ অভিযোগ ৷ আনহাতে বিগত মে’ মাহৰ দৰমহা আজি পৰ্যন্ত লাভ কৰা নাই কৰ্মচাৰীসকলে ৷
মন কৰিবলগীয়া যে,কৰ্মচাৰীসকলে দৰমহাৰ লগতে আনুষংগিক বিষয়ৰ ওপৰত মাত মাতিলেই প্ৰতিষ্ঠানটোৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকি প্ৰদান কৰে প্ৰতিষ্ঠানটোৱে ৷ বৃহস্পতিবাৰেও কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াই ফোনযোগে ৪০%দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে,লগতে যদি কৰ্মচাৰীসকলে এই দৰমহা ল'বলৈ নিবিচাৰে তেন্তে প্ৰতিষ্ঠানটোৰ পৰা ওলাই যাবলৈও নিৰ্দেশ দিয়ে শীৰ্ষ বিষয়াগৰাকীয়ে ৷ কৰ্মচাৰীসকলে এই সম্পৰ্কত জিলা শ্ৰম পৰিদৰ্শক জনোৱাত জিলা সহ শ্ৰম পৰিদৰ্শক প্ৰসন্ন টাইংয়ু নাওবৈচাস্থিত বিশ্বনাথ অশোক মটৰ্চত তাৎক্ষণিক ভাৱে উপস্থিত হৈ কৰ্মচাৰী সকলৰ দৰমহাৰ লগতে আনুষংগিক বিভিন্ন সমস্যাৰ সম্পৰ্কত বুজ লৈ এসপ্তাহৰ ভিতৰত সমাধান কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি দিয়ে ৷ বিষয়াগৰাকীৰ এই পদক্ষেপৰ পাছতেই অৱস্থান ধৰ্মঘট প্ৰত্যাহাৰ কৰে কৰ্মচাৰীসকলে ৷
লগতে পঢ়কঃ হাজো আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ