ETV Bharat / state

Artificial flood in Lakhimpur: কৃত্ৰিম বানত ডুব গ’ল লখিমপুৰৰ 40 খন গাঁও; প্ৰভাৱিত কেইবাহেজাৰ বিঘা শস্য ক্ষেত্ৰ

author img

By

Published : Jul 17, 2023, 8:57 AM IST

কৃত্ৰিম বানৰ কবলত লখিমপুৰৰ চল্লিশখন গাঁও, পাঁচ হাজাৰৰো অধিক বিঘা শস্য ক্ষেত্ৰ ৷ চৰকাৰী অপৰিকল্পিত আঁচনিৰ বাবে প্ৰায় 40 খন গাঁও কৃত্ৰিম বানৰ কবলত পৰাৰ অভিযোগ ৷

Artificial flood in Lakhimpur
কৃত্ৰিম বান
লখিমপুৰত দুৰ্যোগৰ উপৰি দুৰ্যোগ

লখিমপুৰ, 17 জুলাই: লখিমপুৰ জিলাত দুৰ্যোগৰ উপৰি দুৰ্যোগ ৷ বানে ধোৱাই যোৱা জিলাখনত এতিয়া নগৰৰ কাষতে চৰকাৰী অপৰিকল্পিত আঁচনিৰ বাবে প্ৰায় 40 খন গাঁও কৃত্ৰিম বানৰ কবলত পৰিছে ৷ কৃত্ৰিম বানত ডুব গৈছে হেজাৰ হেজাৰ বিঘা শস্য ক্ষেত্ৰ ৷

লখিমপুৰ নগৰৰ দাঁতিতে প্ৰায় চল্লিশখন গাঁৱলৈ নামিছে ভয়ংকৰ সংকট ৷ কৃত্ৰিম বানৰ কবলত চল্লিশখন গাঁও, পাঁচ হাজাৰৰো অধিক বিঘা শস্য ক্ষেত্ৰ ৷ ৰাইজৰ হাহাকাৰ ৷ লখিমপুৰ জিলাৰ চৌদিশে এতিয়া বানৰ প্ৰকোপ ৷ বিভিন্ন নৈৰ বানে অৰ্ধ শতাধিক গাঁও, হেজাৰ হেজাৰ হেক্টৰ শস্য ক্ষেত্ৰ প্ৰভাৱিত কৰি বিস্তৰ ক্ষতিসাধন কৰিছে ৷

এই ভয়াবহ সংকটৰ উপৰিও লখিমপুৰ নগৰৰ দাঁতিতে এক বৃহৎ অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ সংকট ৷ অপৰিকল্পিতভাৱে এটা মথাউৰি নিৰ্মাণ কৰাৰ ফলতে অঞ্চলটোৰ প্ৰায় 40 খন গাঁও কৃত্ৰিম বানত ডুব গৈছে ৷ পাঁচ হেজাৰ বিঘাৰো অধিক পৰিমাণৰ শস্য ক্ষেত্ৰ বুৰাই ৰাখিছে কৃত্ৰিম বানে ৷ সম্প্ৰতি শালি খেতিৰ বতৰত বৃহৎ অঞ্চলটোৰ শস্য ক্ষেত্ৰত এতিয়া একঁকাল পানী ৷ কৃষি কাৰ্য কৰিব নোৱাৰা ৰাইজে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ এই সমস্যাৰ উদ্ভৱ হৈছে এটা অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা মথাউৰিৰ বাবে ৷ উল্লেখ্য যে, এই অঞ্চলটোৰ ভোগমন-শিলিখাগুৰি হৈ সোমদিৰি মুখলৈ নিৰ্মাণ হোৱা এটা মথাউৰিৰ ফলত বৰষুণৰ বাবে জমা হৈ যোৱা পানী ওলাই যাব নোৱাৰাৰ বাবে কৃষকে পথাৰত কৃষি কৰ্ম অৰ্থাৎ শালি খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

লক্ষ্যণীয় যে, তিনিকুৰীয়া- তেলীয়া-সোনাৰি পথাৰৰ বৰষুণৰ বাবে জমা হোৱা পানী- খাটল গাঁৱৰ মাজেৰে সৰু লাহন হৈ বৈ আহি কৰ্চনৰ মাজেদি গৈ গৰৈমাৰী দলনি হৈ খনাজানত পৰি সোমদিৰি মুখেদি ঘাঘৰলৈ ওলায় যায় ৷ লখিমপুৰ চহৰৰ দক্ষিণ দিশৰ পানী মিলন নগৰ সংলগ্ন পথাৰ,কমলাবৰীয়া পথৰ পুব অংশৰ পথাৰৰ পানীভাগ,লাহন গাঁৱৰ পথাৰেদি খৰখৰি হৈ মাজগুৰি গাঁৱৰ পকী দলঙেদি গৰৈমাৰী দলনিয়ে দি সোমদিৰি মুখেদি গৈ ঘাঘৰত পৰিছে।বৈছা- গৰুমূৰীয়া পথাৰৰ এভাগ পানী দেউৰি গাওঁ পথাৰেদি বৈ পুনৰ গৰৈমাৰী দলনিত মিলিত হৈ একে পথেদি ঘাঘৰলৈ বৈ গৈছে ৷ ঠিক তেনেদৰে ৰাংচলীয়া-ঘাৰমৰা পথাৰৰ পানী খৰখৰি পথাৰ হৈ দেউৰি - মাজগুৰি পথৰ মাজৰ কালভাৰ্টেদি গৰৈমাৰী বিল হৈ একে পথেদি ঘাঘৰলৈ ওলায় যায় ৷

মাইবলীয়া-আজাদ-ভোগমন-শিলিখাগুৰি পথাৰৰ পানী শিলিখাগুৰি হৈ সোমদিৰিৰ মুখেদি একে পথেৰে ঘাঘৰলৈ ওলায় যায় ৷ কৰ্চন-নাওশলীয়া, সোনাৰী গাঁৱৰ দক্ষিণ ভাগ,পানীতোলা পথাৰৰ পানী ভোগমন পথাৰেদি বৈ গৈ সোমদিৰিৰ মুখেদি ঘাঘৰলৈ ওলায় যায় ৷ এইয়া পূৰ্বৰে পৰা চলি অহা এক পৰিচিত দৃশ্য ৷ কিন্তু এতিয়া সোমদিৰিৰ মুখলৈকে পূৰ্বৰ ভীমপৰা মথাউৰিৰ সৈতে সংযোগ কৰি ভোগমন-শিলিখাগুৰি মথাউৰি নিৰ্মাণৰ ফলত এই বৃহৎ অঞ্চলৰ প্ৰায় 5000 বিঘাতকৈও অধিক পথাৰত বৰষুণৰ বাবে জমা হোৱা পানী ওলায় যাবলৈ পথৰ অভাৱ হৈছে ৷ কিয়নো পূৰ্বে উন্মুক্ত হৈ থকা পথেদি অতি সহজভাৱে পানীখিনি ওলাই যাব পাৰিছিল ৷

মথাউৰিটো নিৰ্মাণৰ লগতে এই বৃহৎ অঞ্চলটোৰ পানীখিনি ওলাই যাব পৰাকৈ বিজ্ঞানসন্মতভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, নিৰ্মাণকাৰী সংস্থা বা ঠিকাদাৰে তেনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷ কেৱল মাত্ৰ চুঙা আকৃতিৰ তিনিটা কালভাৰ্ট বহুৱাই পাছফালে একোখনকৈ ঢাকোন লগাই কামত নহা ধৰণৰ নিৰ্মাণ কাৰ্য সমাপন কৰিলে ৷ ফলত এই বৃহৎ কৃষি প্ৰধান অঞ্চলটোত শালিধানৰ এই বতৰত অত্যাধিক পানীৰ বাবে কৃষক পথাৰত নামিব নোৱাৰা অৱস্থা হৈছে ৷ যাৰ বাবে ই এক ভয়ংকৰ সমস্যা হৈ পৰিছে ৷

বৃহৎ অঞ্চলটোৰ এই সমস্যা সন্দৰ্ভত দেওবাৰে স্থানীয় ৰংগমঞ্চত ৰাইজে এখন ৰাজহুৱা সভা আয়োজন কৰি সমস্যাটো বিশ্লেষণ কৰাৰ লগতে সমাধানৰ হকে যুঁজ দিবলৈ এখন সমিতিও গঠন কৰে ৷ বানে বিধ্বস্ত কৰা জিলাখনত এতিয়া অপৰিকল্পিত চৰকাৰী আঁচনিৰ বাবে এক বৃহৎ অঞ্চলৰ গাঁও-ভূই, শস্য ক্ষেত্ৰ কৃত্ৰিম বানত ডুব যোৱাৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক : Assam flood situation worsens: জোনাইৰ বিভিন্ন অঞ্চলত বান-খহনীয়াৰ তাণ্ডৱ; বন্যাৰ্তৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.