ETV Bharat / state

আম আদমি পাৰ্টিয়ে 126টা সমষ্টিতে দিব প্ৰাৰ্থীত্ব - সাংগঠনিক ভেটি

মঙলবাৰে নাৰায়ণপুৰত উপস্থিত হৈ দলটোৱে নাৰায়ণপুৰ প্ৰেছ ক্লাবত 109নং বিহপুৰীয়া সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰে ৷

আম আদমি পাৰ্টিয়ে ১২৬ টা সমষ্টিতে দিব পাৰ্থীত্ব

author img

By

Published : Sep 8, 2020, 10:44 PM IST

বিহপুৰীয়া,8 ছেপ্তেম্বৰঃ আম আদমী পাৰ্টিয়ে 2021ৰ বিধানসভা নিৰ্বাচনত অসমৰ 126টা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব । ইতিমধ্যে দলটোৱে অসমৰ প্ৰতিখন জিলাতে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ পৰিছে । দলটোৱে অসমৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া কেন্দ্ৰীয় নেতা ৰাজেশ শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে ।

ইতিমধ্যে দলটোৱে অসমৰ 84টা সমষ্টিত প্ৰাৰ্থীত্ব চূড়ান্ত কৰি সাংগঠনিকভাৱেও তৎপৰ হৈ পৰিছে । মঙলবাৰে নাৰায়ণপুৰত উপস্থিত হৈ দলটোৱে নাৰায়ণপুৰ প্ৰেছ ক্লাবত 109নং বিহপুৰীয়া সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰে । বিহপুৰীয়া সমষ্টিৰ যুৱ নেতা অনুপজ্যোতি শইকীয়াই আঁতধৰা মত বিনিময় অনুষ্ঠানটোত অসম প্ৰদেশৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ লগতে ৰাজ্যিক সমন্বয়ক ড৹ ভবেন চৌধুৰী,সামাজিক মাধ্যমৰ সমন্বয়ক লক্ষ্মীকান্ত ডুবে আৰু সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমন্বয়ক জিয়াবুল ৰহমান খান উপস্থিত থাকে ।

আম আদমি পাৰ্টিয়ে ১২৬ টা সমষ্টিতে দিব পাৰ্থীত্ব

লগতে পঢ়কঃ অখিল গগৈৰ আহ্বানৰ পিচতেই আলোচনাত মিলিত হ’ল 70 সংগঠনৰ নেতৃত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.