বিহপুৰীয়া, 13 মে' : আজি পুৱা 8 বজাৰে চলি আছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পৰা ভোট গণনা ৷ ইতিমধ্যে বৰ্তমানলৈকে 129 খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দল ৷ এই অগ্ৰগতিৰ পিচতে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে আনন্দ-উল্লাস কৰা পৰিলক্ষিত হৈছে (Bhupen Kumar Bora Reacts on Karnataka Poll Result) ৷
লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো কংগ্ৰেছ কৰ্মীসকলে আনন্দ-উল্লাস কৰাৰ মাজতে কৰ্মীসকলৰ মাজত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা উপস্থিত হৈ নিৰ্বাচনী ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সভাপতিগৰাকীয়ে ৰাহুল গান্ধীৰ নেতৃত্বত দেশৰ গণতন্ত্ৰ আৰু সংবিধান বচাবলৈ আপোচবিহীনভাৱে যিখন যুদ্ধ আৰম্ভ হৈছে তাত ভাৰতবৰ্ষৰ মানুহে সঁহাৰি দিছে বুলি কয় ৷ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পিচতো ৰাহুল গান্ধী আজি অপ্ৰতিৰোধ্য , ৰাহুল গান্ধীক কৰ্ণাটকবাসীয়ে যে ভাল পাই বিশ্বাস কৰে সেই কথা আজি প্ৰমাণ হৈছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Karnataka election results) ৷
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত কৰ্ণাটকৰ 55 টা সমষ্টিত ৰাহুল গান্ধীয়ে 22 টাকৈ ৰেলী কৰিছিল আৰু সেই আটাইকেইটা সমষ্টিতে আমি জয় লাভ কৰিছো । বিপৰীতে কিন্তু বিজেপিৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি কেইটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই আটাইকেইটা সমষ্টিত বিজেপিৰ ফলাফল বেয়া বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে (APCC President Bhupen Kumar Bora) ৷ ইফালে কৰ্ণাটকৰ অসমীয়া ভোটাৰ সকলেও কংগ্ৰেছ দলক জনোৱা সমৰ্থনক সভাপতি গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব আৰু আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ভূপেন কুমাৰ বৰাই (Bhupen Bora Reaction On Karnataka Poll Result) ৷
লগতে পঢ়ক: Karnataka poll updates: কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ জয়যাত্রা আৰম্ভ হ'ব; দেৱব্ৰত শইকীয়া