ETV Bharat / state

President Bhupen Borah: হাজাৰ হাজাৰ স্কুল বন্ধ কৰি মদৰ বিপণি খুলিলে চৰকাৰে; ভূপেন বৰা - প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা

মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা ভূপেন বৰাৰ ৷ ‘‘মণিপুৰৰ ঘটনাই সকলো নাৰী সমাজকে অপমান কৰিছে ৷ চৰকাৰে দুই হাজাৰ স্কুল বন্ধ কৰি দুই হাজাৰ মদৰ দোকান খুলিলে ৷’’

APCC President Bhupen Borah
হাজাৰ হাজাৰ স্কুল বন্ধ কৰি মদৰ দোকান খুলিলে চৰকাৰে
author img

By

Published : Jul 23, 2023, 6:23 PM IST

হাজাৰ হাজাৰ স্কুল বন্ধ কৰি মদৰ দোকান খুলিলে চৰকাৰে

লখিমপুৰ,২৩জুলাই: সমগ্ৰ দেশ কঁপাই যোৱা মণিপুৰৰ ঘটনাৰ পাচতে দল সংগঠনৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয়, ‘‘এজন মুখ্যমন্ত্ৰী পৰা এনে মন্তব্য আশা কৰা নাছিলো ৷ যি সময়ত মণিপুৰৰ ঘটনাৰ দোষীক কঠোৰ শস্তি প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ; তেনে স্থলত নেডাৰ আহ্বায়কগৰাকীৰ এই মন্তব্যই কি সূচাই ! মণিপুৰৰ ঘটনাৰ উচিত তদন্তৰ কৰাৰ সলনি পৰোক্ষ বাবে ৰাজস্থান, বেংগলতো এনে ধৰ্ষণৰ ঘটনা হয় বুলি কৰা মন্তব্য দুৰ্ভাগ্যজনক ৷ ভগৱান নকৰক কালিলৈ আকৌ যদি তেনে ঘটনা হয় তেতিয়া হলে পুনৰ একে মন্তব্য যে নকৰিব কি মানে আছে ৷ মণিপুৰৰ ঘটনাই সকলো নাৰী সমাজকে অপমান কৰিছে ৷ তেনে ঘটনা আকৌ হওঁক ৷’’

দেওবাৰে লখিমপুৰত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ আনহাতে সুৰৰ বিপণি খুলাৰ সন্দৰ্ভতো হিমন্ত চৰকাৰক সমালোচনা কৰি উন্নয়ন ক’ত হৈছে বুলি প্ৰশ্ন কৰে ভূপেন বৰাই ৷ ‘‘ড’বোল ইঞ্জিনৰ চৰকাৰখনে উন্নয়নৰ গংগাৰ শ্লোগান বোৱাই দি এতিয়া গাঁৱলৈ কিয় আহিব লগীয়া হৈছে ! চৰকাৰে দুহাজাৰ স্কুল বন্ধ কৰি দুহাজাৰ মদৰ দোকান খুলিলে ৷ এইয়া নেকি বিজেপি চৰকাৰৰ উন্নয়ন আৰু জনহিতকৰ কাৰ্যৰ নমুনা !’’

উল্লেখ্য আগন্তু লোকসভা নিৰ্বাচনৰ বাবে জিলাই জিলাই তৎপৰ হৈ পৰিছে কংগ্ৰেছ ৷ চলাইছে ব্যাপক প্ৰস্তুতি । তাৰেই অংশ হিচাবে লখিমপুৰতো জিলা বৰ্ধিত কাৰ্যনিৰ্বাহ সভাৰে লোকসভা নির্বাচনৰ কুচকাৱাজ চলায় কংগ্ৰেছে । লখিমপুৰ জিলা বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত অংশগ্রহণ কৰি প্ৰতিখন জিলাক শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপেন বৰাই পৰিকল্পনা কৰাৰ কথা সদৰী কৰে ।

লগতে পঢ়ক:Hindu Yuba Chattra Parishad: লখিমপুৰত নিশা জামিনত মুকলি হৈ আহিল হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ তিনি নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.