ETV Bharat / state

লখিমপুৰত বন্ধ হ’ব পাৰে ক'ভিড প্ৰতিৰোধী কাম-কাজ - protest

লখিমপুৰত ক'ভিড প্ৰতিৰোধী কাম-কাজ বন্ধ হোৱাৰ সম্ভাৱনা ৷ নাওবৈচা-বিহপুৰীয়াত কৰ্মৰত এমপিডব্লিউ-এছ ডব্লিউৰ MPW,SW ৰ এদিনৰ দৰমহা কৰ্তনক লৈ প্ৰতিবাদী কাৰ্যসূচী ৷

anti-covid-activities-may-stop-in-lakhimpur
লখিমপুৰত বন্ধ হ’ব পাৰে ক'ভিড প্ৰতিৰোধী কাম-কাজ
author img

By

Published : Jul 19, 2021, 7:56 PM IST

নাওবৈচা,19 জুলাই :বিগত 17 জুলাইত লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰা দেউৰীয়ে তাৎক্ষণিক ভাবে বিহপুৰীয়া আৰু নাওবৈচা স্বাস্থ্য খণ্ড পৰিদৰ্শন কৰি Attendence register পৰীক্ষা কৰি মুঠ 17 জন MPW,SW আৰু ফিল্ড ৱৰ্কাৰলৈ কাৰণ দৰ্শোৱা জাননী দি এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দ্দেশ দিয়াক লৈ দেওবাৰে উত্তপ্ত হৈ পৰে যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ চৌহদ। এদিনৰ দৰমহা কৰ্তনক লৈ ক্ষুব্ধ হৈ পৰা স্বাস্থ্যকৰ্মীসকলে দেওবাৰে সন্ধিয়া যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ চৌহদত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্বাস্থ্যকৰ্মীসকলে অভিযোগ কৰামতে

লখিমপুৰত বন্ধ হ’ব পাৰে ক'ভিড প্ৰতিৰোধী কাম-কাজ
স্বাস্থ্যকৰ্মী সকলে দায়িত্বৰ খাতিৰত সেইদিনা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ ,ৰেপিড টেষ্ট আৰু ক'ভিড কেয়াৰ চেন্টাৰত ব্যস্ত আছিল কিন্তু অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই কোনো বিচাৰ বিবেচনা নকৰাকৈ লোৱা এই সিদ্ধান্তত ক্ষুন্ন হৈ পৰিছে জিলা খনৰ সকলো MPW,SW আৰু BSW ৰ কৰ্মী সকল ৷

সোমবাৰে এই সিদ্ধান্ত বাতিল নকৰিলে ক’ৰণা যুদ্ধ এৰি আন্দোলনৰ হুংকাৰ দিছে কৰ্মী সকলে ৷ উল্লেখযোগ্য যে ক’ৰণা প্ৰতিৰোধী সংগ্ৰাম খনত এই কৰ্মী সকলেই সন্মূখৰ পৰাই যুদ্ধ কৰি আছে ৷ এনে ক্ষেত্ৰত এই সকল কৰ্মাক লৈ লোৱা এই সিদ্ধান্তই সাধাৰণ লোকৰ বাবে বিপদ নমাই আনিব পাৰে ৷

লগতে পঢ়ক:মেৰাজ ৱাচিকুৰ ৰহমান সন্দৰ্ভত গৃহ চহৰত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.