ETV Bharat / state

বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান - BIHPURIA

মাটিৰ কাগজ-পত্ৰ কৰি দিয়াৰ নামত লাট মণ্ডল বিশ্বজিৎ শইকীয়াই উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰী উৎপল গগৈয়ে ৷ বিশ্বজিৎ শইকীয়াৰ হৈ দালাল মনজ্যোতিয়ে ধন আদায় কৰিবলৈ যাওতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ধৰা পৰে ৷

anti-corruption-raid-bihpuria
বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
author img

By

Published : Nov 25, 2020, 6:29 PM IST

বিহপুৰীয়া, 25 নৱেম্বৰ : লখিমপুৰৰ বিহপুৰীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাই চলালে এক অভিযান । মাটিৰ কাগজ-পত্ৰ কৰি দিয়াৰ নামত উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে দালাল মনজ্যোতি শইকীয়াক । গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে নগদ ২৫ হাজাৰ টকা ।

বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

মাটিৰ কাগজ-পত্ৰ বনাই দিয়াৰ নামত লাট মণ্ডল বিশ্বজিৎ শইকীয়াই উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰী উৎপল গগৈয়ে ৷ বিশ্বজিৎ শইকীয়াৰ হৈ দালাল মনজ্যোতিয়ে ধন আদায় কৰিবলৈ যাওতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ধৰা পৰে ৷
আনহাতে লাট মণ্ডল বিশ্বজিৎ শইকীয়াই প্ৰথমে কাৰ্যালয়ৰ পৰা পলাইছিল যদিও অলপ সময়ৰ পিছতে আত্মসমৰ্পন কৰে ৷ মাটিৰ কাগজ-পত্ৰ সম্পূৰ্ণ কৰি দিয়াৰ বাবদ মাটিৰ গৰাকী উৎপল গগৈৰ পৰা ৫৫ হাজাৰ টকা লাট মণ্ডল বিশ্বজিৎ শইকীয়াই বিচৰাৰ অভিযোগ উত্থাপন হৈছে । উক্ত ধনৰাশিৰ অগ্ৰিম ২৫ হাজাৰ টকা লওতেই গ্ৰেপ্তাৰ হয় দালাল মনজ্যোতি ।
লগতে পঢ়ক: হাফলং বজাৰত পথত ৰাখাই থোৱা বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.