ETV Bharat / state

নাৰায়ণপুৰত গীতে-মাতে ফাগুনৰ এসন্ধ্যা - নাৰায়ণপুৰৰ ইতিহাস প্ৰসিদ্ধ অঞ্চল বুঢ়াবুঢ়ী

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ইতিহাস প্ৰসিদ্ধ অঞ্চল বুঢ়াবুঢ়ীত শনিবাৰে ফাগুনৰ এসন্ধ্যা শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । পলাশ, শিমলু, মদাৰ ফুলাৰ বতৰত স্নিগ্ধ জোনাকত সন্ধিয়াৰে পৰা মাজ নিশা পৰ্যন্ত জীপাল হৈ থাকিল সমগ্ৰ পৰিবেশ । ইতিহাস প্ৰসিদ্ধ অঞ্চল বুঢ়াবুঢ়ীৰ আজীৱন সমাজকৰ্মী প্ৰয়াত ভূধৰ কাকতিৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় উক্ত অনুষ্ঠানৰ ।

নাৰায়ণপুৰৰ বুঢ়াবুঢ়ীত গীতে-মাতে ফাগুনৰ এসন্ধ্যা

author img

By

Published : Feb 21, 2021, 5:18 PM IST

বিহপুৰীয়া, ২১ ফেব্ৰুৱাৰী: নাৰায়ণপুৰৰ ইতিহাস প্ৰসিদ্ধ অঞ্চল বুঢ়াবুঢ়ীৰ আজীৱন সমাজকৰ্মী প্ৰয়াত ভূধৰ কাকতিৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি তেখেতৰ বাসগৃহৰ চোতালত আয়োজন কৰা হয় 'ফাগুনৰ এসন্ধ্যা' শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ । লখিমপুৰ জিলা সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ পিছলা শাখা সাহিত্য সভাই আয়োজন কৰে উক্ত অনুষ্ঠানৰ ।

নাৰায়ণপুৰত গীতে-মাতে ফাগুনৰ এসন্ধ্যা

এই অনুষ্ঠানটোত বিভিন্ন জনে পৰিবেশন কৰা গীত, নৃত্য, কবিতা আৰু অন্তৰংগ আলাপেৰে মুখৰ কৰি তোলে সমগ্ৰ পৰিবেশ । শাখা সভাৰ কাৰ্যকৰী সভাপতি জয়ন্ত হাজৰিকা আৰু প্ৰয়াত ভূধৰ কাকতিৰ পুত্ৰ কৰুণা কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰয়াত ভূধৰ কাকতিৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বল কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পত্নী জীৱেশ্বৰী কাকতি আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেশ্বৰ বৰাই । আয়োজক সভাৰ সভাপতি যজ্ঞোৰাম বৰাই আদৰণি ভাষণ আৰু প্ৰয়াত ভূধৰ কাকতিৰ জ্যেষ্ঠ পুত্ৰ ৰবীন কাকতিয়ে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত গুৱাহাটীৰ পৰা অহা অতিথি শিল্পী দিলীপ কুমাৰ কলিতাৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ অৰ্ধশতাধিক কবি-সাহিত্যক, শিল্প সাধকে গীত, কবিতা, নৃত্য পৰিবেশন কৰে । ইয়াৰোপৰি, প্ৰয়াত শিক্ষক তথা সমাজকৰ্মী গৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰে ।

শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামী, ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সভাপতি দিলীপ কুমাৰ ফুকন, উপ-সভাপতি দ্বিজেন্দ্ৰ নাথ বৰঠাকুৰ, সংগঠন মন্ত্ৰী ভৱৰঞ্জন ৰয়, বিদ্য প্ৰমূখ ড.ৰবীন শৰ্মা, ৰাজ্যিক সচিব সচিন্দ্ৰ নাথ কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষেশ্বৰ শইকীয়া, অসম শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক শোভন কাকতি, সাংবাদিক দিপান্ত কাকতি ফুকন প্ৰমুখ্যে কেইবাজনো গন্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ভূধৰ কাকতিৰ পৰিয়াল বৰ্গক উত্তৰ পিছলা শাখা সাহিত্য সভা আৰু শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ কলা সদনৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা সাহিত্য সংস্কৃতিৰ সাধক প্ৰফুল্ল শইকীয়া, ভোবিন্দ্ৰ বৰা, তুলসী গগৈ, জয়ন্ত হাজৰিকাকে ধৰি অঞ্চলটোৰ বহু কেইগৰাকী শিল্পী-সাহিত্যিকক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:শিৱসাগৰৰ প্ৰণৱ গগৈৰ ঘৰত জগদীশ ভূঞা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.