ETV Bharat / state

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে বিদ্যালয় মেৰামতিত দুৰ্নীতিৰ অভিযোগ - অনিয়ম

বিদ্যালয় গৃহ, অংগনবাড়ী কেন্দ্ৰ আদি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্তৰ তেলাহী গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷ এই অনিয়মৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

alligetions of Corruption in Telahi panchayat Lakhimpur assam etv bharat news
উত্তৰ তেলাহী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jan 3, 2021, 2:00 PM IST

লখিমপুৰ,3 জানুৱাৰী : লখিমপুৰ জিলাৰ উত্তৰ তেলাহী গাঁও পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত গাঁও পঞ্চায়তৰ অধীনষ্ঠ বিদ্যালয় গৃহ, অংগনবাদী কেন্দ্ৰ আদি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ অনুসৰি, পঞ্চায়তৰ ৱাৰ্ড সদস্যা আৰু সচিবে ঠিকাদাৰৰ সৈতে গোপন বুজাবুজিৰে চূড়ান্ত অনিয়মেৰে নিৰ্মাণ কৰিছে বিদ্যালয় গৃহ ৷ জিলাখনৰ তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ তেলাহী পঞ্চায়তৰ অধীনৰ উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত এই বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

উত্তৰ তেলাহী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, বিদ্যালয় গৃহ মেৰামতিৰ নামত ঠিকাদাৰে কোনো সাল-সলনি নকৰি জৰাজীৰ্ণ, পুৰণি দুৱাৰ-খিৰিকীতে ৰং সানে ৷ বিদ্যালয়খনৰ সমীপৰ অংগনবাড়ী কেন্দ্ৰটোৰো একেই অৱস্থা ৷ মেৰামতিৰ কিছুদিন পিছতে কেন্দ্ৰটোৰ টিনপাত এজাক বতাহে উৰুৱাই নিয়ে ৷ এই অনিয়মৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

লগতে চাওকঃ ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে ৰাজ্যত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.