ETV Bharat / state

Indecent proposal to girl: চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ছাত্ৰীক দিলে ফাৰ্ষ্ট ডিভিজন পোৱাৰ অন্য উপায়; অডিঅ’ ভাইৰেল

author img

By

Published : Aug 10, 2023, 10:14 AM IST

চৰ্চাত খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলীপ দত্তই বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ যাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

Indecent proposal to girl
ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি অহাৰ অভিযোগ

বিহপুৰীয়া, 10 আগষ্ট : জঘন্য ! লজ্জাজনক ! পুনৰ পোহৰলৈ আহিছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । এইবাৰ স্থান লখিমপুৰৰ খেৰাজখাত ৷ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চলাচলে নিৰ্যাতন । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ৷

ভুক্তভোগী ছাত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বহুদিন ধৰি তেওঁক অশ্লীল প্ৰস্তাৱ দি আহিছিল খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলীপ দত্তই । আনকি অভিযুক্ত দিলীপ দত্তই ফোন, মেছেজৰ জৰিয়তে ছাত্ৰীগৰাকীক ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ মাৰ্কসহ পাছ কৰাই দিয়া প্ৰতিশ্ৰুতিয়ে । ইয়াৰ উপৰিও ভুক্তভোগী ছাত্ৰীগৰাকীক শিলচৰলৈ লৈ যোৱাৰো প্ৰতিশ্ৰুতি দিয়ে খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অভিযুক্ত দিলীপ দত্তই ।

উপায়ন্তৰ হৈ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বিদ্যালয় কৰ্তৃপক্ষক সকলো কথা অৱগত কৰে ৷ কিন্তু বিদ্যালয় কৰ্তৃপক্ষই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলীপ দত্তক বচাবলৈহে চেষ্টা কৰে ৷ আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপুল দাসৰ লগতে আন বহুকেইগৰাকী শিক্ষক-কৰ্মচাৰীয়ে ভুক্তভোগী ছাত্ৰীগৰাকীৰ বিপক্ষেহে থিয় দিয়ে ৷ ইয়াৰ উপৰিও ভুক্তভোগী ছাত্ৰীগৰাকীক বিদ্যালয় অন্য ছাত্ৰ-ছাত্ৰী, সংবাদ মাধ্যম অথবা আন কোনো লোককে এই সন্দৰ্ভত অৱগত কৰাৰ পৰা বিৰত থাকিবলৈহে ভাবুকি প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷

ভুক্তভোগী ছাত্ৰাগৰাকীয়ে জানিবলৈ দিয়া মতে, ভুক্তভোগী ছাত্ৰীগৰাকীৰ সৈতে হোৱা অভিযুক্ত দিলীপ দত্তৰ কল ৰেকৰ্ডিং ভাইৰেল হ’লে ভুক্তভোগী ছাত্ৰীক বিদ্যালয়ৰ পৰা নিলম্বন কৰাৰ ভাবুকি প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষই । যদিহে এই ঘটনা সন্দৰ্ভত পুলিচৰ কাষ নাচাপিবলৈয়ো ভাবুকি প্ৰদান ভুক্তভোগী ছাত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক ।

ভুক্তভোগী ছাত্ৰীগৰাকীক ন্যায় দিয়াৰ বিপৰীতে ছাত্ৰীগৰাকীৰ ম’বাইল কাঢ়ি অভিযুক্ত দিলীপ দত্তই দিয়া সকলো মেছেজ, কল ৰেকৰ্ডিং ডিলিত কৰি দিয়ে বিদ্যালয় কৰ্তৃপক্ষই । এই ঘটনা পোহৰলৈ অহাৰ পাচতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক : Murder at Bonda; গুৱাহাটীক ছাত্ৰক হত্যা; পদপথৰ ব্যৱসায়ীয়ে হত্যা কৰিলে নীতেশ কুমাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.