বিহপুৰীয়া, 9 জুন : বিতৰ্ক অব্যাহত আছে বিহপুৰীয়াৰ উচ্চ শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ক লৈ ৷ বাদ-প্ৰতিবাদৰ পাচত এইবাৰ অধ্যক্ষ বা শিক্ষক গোটৰ সংবাদমেল নহয় ৷ এইবাৰ মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভাপতি ড৹ ৰছিদ খানৰ বিৰুদ্ধে শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰিলে তেওঁৰেই পত্নী চাহিবা আহমেদে ৷ উল্লেখযোগ্য যে, বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি মাহযোৰা আন্দোলন চলাই আহিছে ( Allegation against President of Bihpuria College Teacher Unit) ৷
অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটে চলাই অহা এই আন্দোলনৰ মাজতে সংবাদমেলযোগে শিক্ষক গোটৰ সভাপতি ড৹ ৰছিদ খানৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে পত্নী চাহিবা আহমেদে ৷ অধ্যাপক ৰছিদ খানৰ বিবাহ বিচ্ছেদিত পত্নী গৰাকীয়ে ৰছিদ খান এজন বাংলাদেশী বুলি বিস্ফোৰক মন্তব্য কৰাৰ উপৰিও তেওঁ এজন অপৰাধী, মিছলীয়া, চোৰ, ঠগ-প্ৰবঞ্চক বুলিও অভিহিত কৰে ৷ কেৱল সেয়াই নহয় নিজৰ ঘৰ খনকে চম্ভালিব নোৱাৰা বা নিজৰ ঘৰ খনকে ধ্বংস কৰা ৰছিদ খানে সোঁৱে-বাওঁৱে কেইগৰাকীমান শিক্ষক-শিক্ষয়িত্ৰীক লৈ এইবাৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খন ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে বুলিও মন্তব্য কৰে চাহিবা আহমেদে (Press Meet) ৷
ইফালে ৰছিদ খানৰ দৰে এজন অপৰাধীক কোনে শিক্ষক গোটৰ মূল দ্বায়িত্ব অৰ্পন কৰিলে তাকলৈও প্ৰশ্ন উত্থাপন কৰিছে পত্নীগৰাকীয়ে ৷ আনহাতে চাহিবা আহমেদে ৰছিদ খানৰ লগত থকাৰ সময়ত ৰছিদ খান, অধ্যাপক ৰাতুল বৰা, উৎপল ডেকা তিনিও মিলি অমূল্য হাজৰিকাক অধ্যক্ষ পাতি চাহিবাৰ গুৱাহাটীস্থিত গৃহত বহুবাৰ মহাবিদ্যালয় সম্পৰ্কত গোপন বৈঠকত বহি মহাবিদ্যালয়খনৰ কাম-কাজ সমূহ সম্পাদন কৰিছিল বুলি উল্লেখ কৰে ৷ তেনেক্ষেত্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে যি বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে সেই কেলেংকাৰীত ৰছিদ খানো জড়িত আছে বুলি মন্তব্য কৰে খানৰ পত্নীয়ে ৷ পত্নীগৰাকীয়ে মহাবিদ্যালয়খনত চলি থকা প্ৰতিবাদৰ অন্তৰালত ৰছিদ খানৰ অধ্যক্ষৰ আসনৰ প্ৰতি লালসা লুকাই আছে বুলিও কয় ৷ এই সংবাদমেলতেই ৰছিদ খানৰ পুত্ৰইও পিতৃৰ বিৰুদ্ধে ক্ষোভ উজাৰে (Bihpuria College Teacher Unit) ৷