ETV Bharat / state

'ছাৰ' সম্বোধন কৰিলে অস্বস্তিত পৰে অচ্যুত শইকীয়া - অসম নিৰ্বাচন ২০২১

লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অচ্যুত শইকীয়াই সোমবাৰে নিশা নাৰায়ণপুৰৰ এখন যোগদান সভাত উপস্থিত হয় ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত হোৱা প্ৰাৰ্থীগৰাকীয়ে ছাৰ বুলি সম্বােধন কৰিলে অস্বস্তিতহে পৰে বুলি প্ৰকাশ কৰে ৷ প্ৰাৰ্থীগৰাকীয়ে কয়, ছাৰ অৰ্থাৎ মহাশয় হ'ব পৰাকৈ মোৰ যোগ্যতা হোৱা নাই ৷

ছাৰ অৰ্থাৎ মহাশয় হ'ব পৰাকৈ মোৰ যোগ্যতা হোৱা নাই: প্ৰাৰ্থী অচ্যুত শইকীয়া

author img

By

Published : Mar 23, 2021, 4:18 PM IST

বিহপুৰীয়া,23 মাৰ্চ: সোমবাৰে নিশা লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অচ্যুত শইকীয়া উপস্থিত হয় নাৰায়ণপুৰৰ এখন যোগদান সভাত ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত হোৱা প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "মই প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাব আহিছো ৷ কিন্তু সকলোৱে মোক ছাৰ বুলি সম্বােধন কৰে ৷ যিটো মই একেবাৰে আশা কৰা নাই ৷ ছাৰ শব্দটোৱে মোক অস্বস্তিতহে পেলায় ৷ ছাৰ অৰ্থাৎ মহাশয় হ'ব পৰাকৈ মোৰ যোগ্যতা হোৱা নাই" ৷

ছাৰ অৰ্থাৎ মহাশয় হ'ব পৰাকৈ মোৰ যোগ্যতা হোৱা নাই: প্ৰাৰ্থী অচ্যুত শইকীয়া

উল্লেখ্য যে, সমষ্টিবাসীক বিধায়কৰ আসনত অধিষ্ঠিত কৰালেও ছাৰ সম্বোধন নকৰিবলৈ আহ্বান জনাই প্ৰাৰ্থী গৰাকীয়ে ৷ সভাখনতে উপস্থিত সকলোকে ঘৰুৱাভাৱে আদৰি ল'বলৈ আহ্বান জনাই শইকীয়াই ৷ এই যোগদান সভাখনতে অচ্যুত শইকীয়াৰ উপস্থিতিত বিভিন্ন দল-সংগঠন, অন্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় কেইবাশতাধিক লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ৷

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.