ETV Bharat / state

AIDSO Protest: লখিমপুৰত চৰকাৰী বিদ্যালয় বন্ধৰ বিৰোধিতাৰে এআইডিএছঅ’ৰ প্ৰতিবাদ

একত্ৰিকৰণৰ নামত বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, জাতীয় শিক্ষা নীতি 2020 বাতিল কৰা আদিৰ দাবীৰে All India Democratic Students Organisationৰ প্ৰতিবাদ ৷ সিদ্ধান্ত বাতিল নকৰিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:46 PM IST

Updated : Sep 23, 2023, 6:26 PM IST

AIDSO Protest
AIDSO Protest
লখিমপুৰত চৰকাৰী বিদ্যালয় বন্ধৰ বিৰোধিতাৰে এআইডিএছঅ’ৰ প্ৰতিবাদ

লখিমপুৰ, 23 ছেপ্টেম্বৰ: জাতীয় শিক্ষা নীতি 2020 বাতিল কৰা, চৰকাৰী বিদ্যালয়সমূহ ৰক্ষা কৰা আদিৰ দাবীত এআইডিএছঅ’য়ে (All India Democratic Students Organisation) ৰাজ্যজুৰি প্ৰতিবাদী সপ্তাহ পালন কৰিছে । এই কাৰ্যসূচীৰ অংশ হিচাপে এআইডিএছঅ’ৰ লখিমপুৰ জিলা সমিতিয়ে শনিবাৰে বিয়লি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

স্কুল কমপ্লেক্সৰ নামত ক্ল’জাৰ আৰু মাৰ্জাৰ প্ৰক্ৰিয়াৰ মাজেৰে চৰকাৰী স্কুল বন্ধ কৰা নচলিব, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা নচলিব, 11 হেজাৰ 368 খন চৰকাৰী স্কুল বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰক আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে একত্ৰিকৰণ আৰু ছাত্ৰ-ছাত্ৰী নথকাৰ দুহাই দি 11 সহস্ৰাধিক বিদ্যালয় বন্ধ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ কথা ইতিমধ্যেই ৰাজহুৱা হৈছে ৷ ইয়াকে বিভিন্ন স্তৰত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ যোৱা‌ সময়ছোৱাত শিক্ষা‌ বিভাগে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ‌কম হোৱাৰ‌ অজুহাতত বিদ্যালয় একত্ৰিকৰণৰ নামত অতি কমেও ৯ হাজাৰ‌ বিদ্যালয় বন্ধ কৰিছে ।

প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতৃত্বই কয়, ‘‘দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংস কৰিব নালাগে । ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰী বিদ্যালয়সমূহ ৰক্ষা কৰিব লাগে ।’’

চৰকাৰী বিদ্যালয়সমূহ চৰকাৰে ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰচেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰি এনে কৰিলে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱন বাধাগ্ৰস্ত হ’ব বুলিও আশংকা প্ৰকাশ কৰে সংগঠনটোৱে ৷

চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহতো ৰখাৰো হুংকাৰ দিছে সংগঠনটোৱে ৷

লগতে পঢ়ক: Assam Education Department: অসমৰ বিদ্যালয়ত এইবাৰ ই-টেক্সটবুক, টেলি-ক্লাছৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা শিক্ষা বিভাগৰ

Last Updated : Sep 23, 2023, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.