ETV Bharat / state

ৰাজ্যত আহোমক লৈ গঠন হ'ব নতুন ৰাজনৈতিক দল !

author img

By

Published : Sep 5, 2020, 11:32 PM IST

ৰাজ্যত নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ । কেৱল আহোম সকলক লৈ গঠন হ’ব এক নতুন ৰাজনৈতিক দল । সংবাদমেলত এই ঘোষণা টাই আহোম যুৱ পৰিষদৰ ৷

ৰাজ্যত আহোমক লৈ গঠন হ'ব নতুন ৰাজনৈতিক দল !
ৰাজ্যত আহোমক লৈ গঠন হ'ব নতুন ৰাজনৈতিক দল !

লখিমপুৰ, 5 ছেপ্তেম্বৰ: ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বাবে ডাঙৰ খবৰ ৷ ৰাজ্যত পুনৰ গঠন হ’বলৈ গৈ আছে আন এটা নতুন ৰাজনৈতিক দল । ইতিমধ্যে গ্ৰহণ কৰা হৈছে প্ৰস্তুতি ৷ কেৱল আহোম সকলক লৈ গঠন হ’ব এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো । শাসনাধিষ্ঠিত বিজেপি দলক আগন্তুক 2021 নিৰ্বাচনত উৎখাত কৰাৰ স্বাৰ্থত ৰাজ্যত বিকল্প নতুন ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠাৰ সময়তে কেৱল আহোম সকলক লৈ গঠন হ’ব এক সুকীয়া ৰাজনৈতিক দল ।

অহা 2 ডিচেম্বৰত চৰাইদেউত অনুষ্ঠিত হ’বলগীয়া আহোম সকলৰ বিশাল গণ অভিৱৰ্তনত আত্মপ্ৰকাশ কৰিব এই নতুন দলটোৱে । উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত এই কথা ঘোষণা কৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই ।

ৰাজ্যত নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ

এই নতুন দলৰ জৰিয়তে ৰাজনৈতিক ভাৱে আহোম সকলৰ অধিকাৰ আঁজুৰি অনাৰ প্ৰয়াস কৰা হ’ব । মৰাণ, মটক আৰু কোচ ৰাজবংশীৰ স্বায়ত্ত শাসন পৰিষদ গঠন কৰাক লৈও সমালোচনা টাইপাৰ ।

সাংবিধানিক বিধি ব্যৱস্থাত প্ৰথমে জনজাতিকৰণ কৰিহে স্বায়ত্ত শাসন দিব লাগে কিন্তু চৰকাৰখনে এই ব্যৱস্থাক জলাঞ্জলি দিয়াৰ লগতে জনজাতিকৰণৰ বাবে আন্দোলন কৰা 6 জনগোষ্ঠীক ভাগ ভাগ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

আগন্তুক নিৰ্বাচনত বিজেপিক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সংবাদমেলত হুংকাৰ প্ৰদান টাইপাৰ ৷ ইয়াৰ লগতে জনজাতিকৰণ, উচ্চ সদন গঠন কৰা, টাই ভাষাৰ প্ৰসাৰৰ হকে অবিৰত সংগ্ৰাম চলাই যোৱাৰো ঘোষণা টাইপাৰ ৷

লগতে চাওক-হাগ্ৰামাই হে ইউ পি পি এল দলক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.