ETV Bharat / state

African Swine fever: লখিমপুৰত আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধ কৰিবলৈ 144 ধাৰা জাৰি

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:38 PM IST

লখিমপুৰত আফ্ৰিকান ছোৱাইন ফ্লু সংক্ৰমিত এলেকা হিচাবে এক বৃহৎ অঞ্চল ঘোষণা কৰি জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰি কাৰ্যবিধিৰ 144 ধাৰা জাৰি কৰিছে ৷ দণ্ডাধীশে 144 ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷

African Swine Fever hits Lakhimpur
আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

লখিমপুৰ, 7 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক ৷ বিভিন্ন জিলাত ধৰা পৰিছে এই ৰোগৰ উপস্থিতি ৷ লখিমপুৰতো নগৰৰ সমীপৰ লামুগাঁও এই ৰোগৰ উৎস কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে ৷ বিভাগে সেই এলেকাৰ তিনি শতাধিক গাহৰি নিধন কৰাৰ লগতে সংক্ৰমণ ৰোধ কৰিবলৈ এক নিৰ্দিষ্ট এলেকাত জিলা দণ্ডাধীশে জাৰি কৰিছে 144 ধাৰা ৷

African Swine Fever hits Lakhimpur
আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ 144 ধাৰা জাৰি

লখিমপুৰত আফ্ৰিকান ছোৱাইন ফ্লু সংক্ৰমিত এলেকা ঘোষণা কৰি 144 ধাৰা জাৰি ৷ লখিমপুৰত আফ্ৰিকান ছোৱাইন ফ্লু সংক্ৰমিত এলেকা হিচাবে এক বৃহৎ অঞ্চল ঘোষণা কৰি জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰি কাৰ্যবিধিৰ 144 ধাৰা জাৰি কৰিছে ৷ দণ্ডাধীশে 144 ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷

জিলা দণ্ডাধীশ সুমিত সাত্তাৱানে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হয় যে লখিমপুৰৰ লামু গাঁৱক আফ্ৰিকান ছোৱাইন ফ্লু সংক্ৰমণৰ উৎস হিচাবে ঘোষণা কৰি এই গাঁওখনক কেন্দ্ৰ কৰি কদম ৰাজহ চক্ৰ এলেকাৰ পূৱ অংশৰ পৰা গনেশ মন্দিৰ হাতিলুঙৰ পশ্চিম অংশলৈ আৰু উত্তৰে জহিঙৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা দক্ষিণে বধাকৰা মহাইজান অঞ্চললৈ আফ্ৰিকান ছোৱাইন ফ্লু সংক্ৰমিত এলেকা হিচাবে ঘোষণা কৰা হৈছে ৷ এই অঞ্চলৰ পৰা গাহৰি বা গাহৰিৰ মাংস সৰবৰাহ কৰা, জীৱ-জন্ত কোনো লোকে সৰবৰাহ কৰা, গাহৰিক দানা-পানী দিয়া পাত্ৰ সৰবৰাহ কৰা, জীৱ-জন্তৰ বজাৰ বহুওৱা, প্ৰদৰ্শনৰ ব্যবস্থা কৰা, মৃত জন্ত নৈ, খাল আদিত পেলোৱা আদি কাৰ্য এই নিৰ্দেশনা অনুসৰি কঠোৰভাৱে বাৰণ কৰা হৈছে ৷

এই নিৰ্দেশনা কোনোৱে উলংঘা কৰিলে দণ্ড বিধিৰ 188 ধাৰা মতে আইনি ব্যবস্থা গ্ৰহণ কৰা হব বুলিও নিৰ্দেশনাটোত সতৰ্ক কৰি দিয়া হৈছে ৷ উল্লেখ্য যে, জিলা পশু চিকিৎসা বিভাগে দুদিনৰ পূৰ্বে লামু গাঁৱত এই ৰোগত আক্ৰান্ত তিনি শতাধিক গাহৰি বৈদ্যুতিক শ্বক দি নিধন কৰিছিল ৷ জিলা খনত এই ৰোগ নিয়ন্ত্ৰণ কৰিবৰ বাবে 9 শতাধিক গাহৰি নিধন কৰাৰ লক্ষ্যৰে বিভাগটোৱে অভিযান চলাই আছে ৷ ইয়াৰ মাজতে সুৰক্ষামূলক ব্যবস্থা কটকটীয়া কৰাৰ লক্ষ্যৰে জিলা দণ্ডাধীশে নিৰ্দিষ্ট অঞ্চলত 144 ধাৰা জাৰি কৰি নিষেধাজ্ঞা আৰোপেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগ কৰিছে ৷

লগতে পঢ়ক : Ferry Stranded In Brahmaputra River: ব্রহ্মপুত্ৰৰ মাজত আবদ্ধ দুখনকৈ মাজুলী অভিমুখী ফেৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.