ETV Bharat / state

গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দুধৰ্ষ অপৰাধী গেৰজাইয়ে - গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দুধৰ্ষ অপৰাধী গেৰজাইয়ে

লখিমপুৰত বৃহস্পতিবাৰে কাহিলী পুৱাতে এক জঘন্য ঘটনা সংঘটিত হয় (Accused death in Mob lynching at Dhakuakhana)৷ ঢকুৱাখনা ঘুনাসুতি সংযোগী গড়কাপ্টানি পথৰ সমীপত গণপ্ৰহাৰত মৃত্যু হয় নৰহত্যাকাৰী গেৰজাইৰ (Mob lynching at Dhakuakhana) ৷

গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দুধৰ্ষ অপৰাধী গেৰজাইয়ে

author img

By

Published : Aug 18, 2022, 12:12 PM IST

Updated : Aug 18, 2022, 2:27 PM IST

লখিমপুৰ, 18 আগষ্ট: এশ গৰু মাৰিলে বাঘৰো মৰণ, এই আপ্তবাক্যশাৰী পুনৰ প্ৰমান কৰি দেখুৱালে লখিমপুৰ কাণ্ডই ৷ লখিমপুৰত বৃহস্পতিবাৰে কাহিলী পুৱাতে এক জঘন্য ঘটনা সংঘটিত হয় (Accused death in Mob lynching at Dhakuakhana)৷ ঢকুৱাখনা ঘুনাসুতি সংযোগী গড়কাপ্টানি পথৰ সমীপত গণপ্ৰহাৰত মৃত্যু হয় নৰহত্যাকাৰী গেৰজাইৰ (Mob lynching at Dhakuakhana) ৷

গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দুধৰ্ষ অপৰাধী গেৰজাইয়ে

যোৱা মঙলবাৰে ঢকুৱাখনাৰ আদালতৰ শৌচাগাৰৰ খিৰিকীৰ গ্ৰীল ভাঙি পলায়ন কৰা গেৰজাইক আজি কাহিলী পুৱাতে ঢকুৱাখনা ঘূনাসুতি সংযোগী গড়কাপ্টানি পথৰ বাসুদেৱ দলঙৰ তলত লুকাই থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে ৷ লগে লগে ৰাইজ জঁপিয়াই পৰে হত্যাকাৰী গেৰজাইৰ ওপৰত ৷ ৰাইজে প্ৰহাৰ কৰি মূমুৰ্ষ অৱস্থাত আৰক্ষীক গতাই দিয়ে গেৰজাইক ৷ ইয়াৰোপৰি গেৰজাইক উদ্ধাৰ কৰিবলৈ আহি দুগৰাকী আৰক্ষী ৰাইজৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় (Two police injured in Mob Lynching) ৷

কিন্তু আৰক্ষী অহাৰ পূৰ্বে ৰাইজৰ প্ৰহাৰত মৃত্যুক আকোঁৱালি লয় গেৰজাইয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে গেৰজাইৰ মৃতদেহ ঢকুৱাখানালৈ লৈ যায় ৷

উল্লেখ্য যে সোমবাৰে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা আচামীকেইটাক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত লৈ নিয়া হৈছিল । আদালতত হাজিৰ কৰোৱাৰ পুৰ্বে আচামী কেইটাক আদালতৰ লকআপত ৰখা হৈছিল ৷ কিন্তু আৰক্ষীৰ চকুত ধুলি দি তিনিওটা আচামীয়ে লকআপৰ শৌচাগাৰৰ খিৰিকীৰ গ্ৰীল ভাঙি দুপৰীয়া ১২ বজাত উধাও হয় ৷

নৰহত্যা, ডকাইতি, ধৰ্ষণ আদি জঘন্য অপৰাধৰ সৈতে জড়িত পলাতক অপৰাধীকেইটা হৈছে মাজ জালভাৰী গাঁৱৰ গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱা, হুজ গাঁৱৰ সোণটি দাস আৰু চুৰি গোচৰৰ আচামী যতীন তামুলী।

এটা লোমহৰ্ষক হত্যাকাণ্ডৰ আচামী আছিল গেৰজাই বৰুৱা আৰু সোণটি দাস ৷ টুল দত্ত নামৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগত গেৰজাই আৰু সোণটি দাসৰ বিৰুদ্ধে ৪০/২০২১ নম্বৰৰ আৰু ৩৯৪ আৰু সংযুক্ত ৩০৩(৩৪) ধাৰাত ৰুজু হোৱা গোচৰত শাস্তি প্ৰায় নিশ্চিত হৈছিল ৷ গেৰজাই আৰু সোণটিক আৰক্ষীয়ে ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত ঢকুৱাখনাত গ্ৰেপ্তাৰ কৰিছিল ৷

কিন্তু ইয়াৰ পিছতে চলিত বৰ্ষৰ ২২ জানুৱাৰীত লখিমপুৰৰ চাবতি চিকিৎসালয়ৰ পৰা হেণ্ডকাফসহ পলাই গৈছিল গেৰজাইয়ে ৷ আজি গেৰজাইৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য লোকে চাবলৈ থানা আৰু চিকিৎসালয়ত ভিৰ কৰেহি ৷

লগতে পঢ়ক: ভগ্নীৰ বান্ধৱীক যৌন নিৰ্যাতন চলাই জেললৈ গ’ল গুৱাহাটীৰ চাহিল

Last Updated : Aug 18, 2022, 2:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.