লখিমপুৰ,২১ এপ্রিল: ডুবাইত অনুষ্ঠিত হ'বলগীয়া একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব লখিমপুৰৰ আবেদ আলী হাজৰিকাই (21st World Panja Championship) । অহা ২৮ এপ্রিলৰ পৰা ৪ মে'লৈ ডুবাইত অনুষ্ঠিত হ'ব একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত এছিয়ানৰ মুঠ ৪১ খন দেশে প্ৰতিনিধিত্ব কৰিব (Abed Ali Hazarika participate in World Panja Championship) ।
ভাৰতৰ পৰা এই প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা দলটোৰ অন্যতম হ'ল লখিমপুৰ নগৰৰ ১৩ নং ৱাৰ্ডৰ কমলাবাৰী পথ নিবাসী আবেদ আলী হাজৰিকা (World Panja Championship) । তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবাৰো পাঞ্জা প্ৰতিযোগিতাত সন্মানিত হোৱাৰ লগতে শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে ।
এইবাৰ তেওঁক ৰাষ্ট্ৰীয় পাঞ্জা ফেডাৰেচনে (National Panja Federation) ডুবাইত অনুষ্ঠিত হ'বলগীয়া একৈশ সংখ্যক এছিয়ান পাঞ্জা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰিছে । এই বতৰাই আবেদ আলী হাজৰিকাক উৎসাহিত কৰিলেও হেঙাৰ হৈ উঠিছে আৰ্থিক সমস্যা । পাঞ্জাৰে এছিয়ান জয় কৰাৰ সপোন বুকুত বান্ধি ৰখা আবেদ আলী য়ে ডুবাইৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাত তেওঁৰ দীর্ঘদিনীয়া সপোনে সাকাৰ ৰূপ পাব বুলি আনন্দত আত্মহাৰা হৈ দুগুণ উদ্যমেৰে অনুশীলন চলাইছিল হাজৰিকাই ।
পিছে ভাৰতীয় পাঞ্জা ফেডাৰেচনৰ পত্রত ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্রহণ কৰিবৰ বাবে ১ লাখ ১৫ হেজাৰ টকা জমা দিয়াৰ আহ্বান জনায় । খেলুৱৈৰ যাতায়াত, থকা-খোৱা আদি ব্যয়ৰ বাবে এই পৰিমাণৰ ধন জমা দিয়াৰ আহ্বান জনায় । ফেডাৰেচনে নিজাকৈ ব্যয় বহন কৰিব নোৱাৰে বাবেই খেলুৱৈসকলক এই পৰিমাণৰ ধনৰাশি আগতীয়াকৈ জমা দিয়াৰ আহ্বান জনায় ।
ফলত আবেদ আলী হাজৰিকাৰ বিদেশত খেলি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ হেঁপাহত আউল লাগিছে । বন্ধু-বান্ধৱৰ ওচৰ চাপি তেওঁ নিৰ্ধাৰিত পৰিমাণৰ ধন সংগ্রহ কৰাৰ চেষ্টা চলাইছে । সকলোৰে সহায় পালে আৰু গাঁঠিৰ ধন ভাঙি পাঞ্জাৰে এছিয়ান জয় কৰিবলৈ যাব লখিমপুৰৰ আবেদ আলী হাজৰিকা ।
লক্ষ্যনীয় যে দেশক প্ৰতিনিধিত্ব কৰি, দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ প্ৰচেষ্টাত ব্ৰতী এনে খেলুৱৈক উৎসাহিত কৰা নাইবা কিঞ্চিৎ সহায় কৰাত কেন্দ্র অথবা ৰাজ্য চৰকাৰৰ উদ্যোগ সামান্যও নাই । গতিকে সংবাদমাধ্যমৰ জৰিয়তে এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰে খেলুৱৈগৰাকীয়ে ।