ETV Bharat / state

Recruitment in Oil India:অইলৰ বিৰুদ্ধে হুংকাৰ সদৌ অসম নিবনুৱা সন্থাৰ - Demand for recruitment in Oil India

অইল ইণ্ডিয়াৰ বিৰুদ্ধে সৰব সদৌ অসম নিবনুৱা সন্থা । তৎকালীনভাৱে সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ দাবী সদৌ অসম নিবনুৱা সন্থাৰ ।

Recruitment in Oil India
অইলৰ বিৰুদ্ধে সাক্ষাতকাৰ বাতিলৰ প্ৰতিবাদ
author img

By

Published : Aug 14, 2023, 8:08 PM IST

অইলৰ বিৰুদ্ধে সাক্ষাতকাৰ বাতিলৰ প্ৰতিবাদ

লখিমপুৰ,১৪ আগষ্ট: অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে সময়ে সময়ে বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰি আহিছে । মুলতঃ অইলত থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ হকে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। শেহতীয়াকৈ অইলৰ বিৰুদ্ধে সৰব হৈ উঠিছে সদৌ অসম নিবনুৱা সন্থা । সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিয়ে তেওঁলোকৰ দাবী মানি নল'লে অইলৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবন্ধকতা আৰোপ কৰাৰ হুংকাৰ দিছে ।

শেহতীয়াকৈ দুলীয়াজানৰ অইল ইণ্ডিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম নিবনুৱা সন্থা । এই সন্থাই থলুৱা নিবনুৱাক কামত নিয়োগ নকৰিলে অইলৰ সামগ্রীক কাম কাজ বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে । অইলত নিযুক্তিৰ প্ৰক্ৰিয়াত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম নিবনুৱা সন্থাই অইলৰ বিৰুদ্ধে এই দৰে সকীয়নি দিয়ে । সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই অইলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে দুলীয়াজানৰ অইল ইণ্ডিয়াত শতাধিক কাৰিকৰী পদ পূৰণৰ বাবে সাক্ষাৎকাৰৰ আয়োজন কৰা হৈছিল । যোৱা ২৬ জুলাইত আছিল সাক্ষাৎকাৰৰ দিন । কিন্তু হঠাৎ তাৰ আগদিনাই অইল কৰ্তৃপক্ষই এই সাক্ষাৎকাৰ বাতিল কৰা বুলি ঘোষণা কৰে । বৰ্তমানেও সেই সাক্ষাৎকাৰ অনুষ্ঠিত কৰা নাই বুলি কয় সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই ।

নিবনুৱা সন্থাই অইলৰ এই কাৰ্যক গৰিহণা দি তৎকালীনভাৱে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ দাবী জনায় । আনহাতে, লখিমপুৰ আৰু ধেমাজি জিলাত অইলৰ পাইপ লাইনৰ কাম কাজ চলি আছে । কিন্তু এই কামত লখিমপুৰ, ধেমাজি জিলাৰ থলুৱা নিবনুৱাক কামত নিয়োগ কৰা নাই । অইলৰ এই কাৰ্যৰ বাবেও সন্থাই গৰিহণা দিয়ে । অইলে অনতিবিলম্বে বাতিল কৰা সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ লগতে লখিমপুৰ ধেমাজিত চলি থকা কামত স্থানীয় নিবনুৱাক নিয়োগ নকৰিলে অইলৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবন্ধকতা আৰোপ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদকজনে সকীয়াই দিয়ে ।

লগতে পঢ়ক:Talibani Punishment : ছাত্ৰীক চুটি পোছাক পৰিধানৰ বাবে তালিবানী শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.